নতুন দিল্লীত সোমাব নেকি তালিবান! কি সিদ্ধান্ত ল'ব মোডী চৰকাৰে...

আফগানিস্তাৰ তালিবান চৰকাৰে ভাৰত চৰকাৰক এৰিছে এটা ডাঙৰ অনুৰোধ। তালিবানে বিচাৰিছে যে, নতুন দিল্লীত থকা আফগান দূতাৱাসৰ নিয়ন্ত্ৰণৰ দায়িত্ব সম্পূৰ্ণৰূপে ভাৰত চৰকাৰে গতাই দিয়ক আফগানিস্তানৰ তালিবান চৰকাৰক।

author-image
Asomiya Pratidin
New Update
আফগানিস্তাৰ তালিবান চৰকাৰে ভাৰত চৰকাৰক এৰিছে এটা ডাঙৰ অনুৰোধ। তালিবানে বিচাৰিছে যে, নতুন দিল্লীত থকা আফগান দূতাৱাসৰ নিয়ন্ত্ৰণৰ দায়িত্ব সম্পূৰ্ণৰূপে ভাৰত চৰকাৰে গতাই দিয়ক আফগানিস্তানৰ তালিবান চৰকাৰক।

আফগানিস্তাৰ তালিবান চৰকাৰে ভাৰত চৰকাৰক এৰিছে এটা ডাঙৰ অনুৰোধ।

ডিজিটেল ডেস্কঃ আফগানিস্তাৰ তালিবান চৰকাৰে ভাৰত চৰকাৰক এৰিছে এটা ডাঙৰ অনুৰোধ। তালিবানে বিচাৰিছে যে, নতুন দিল্লীত থকা আফগান দূতাৱাসৰ নিয়ন্ত্ৰণৰ দায়িত্ব সম্পূৰ্ণৰূপে ভাৰত চৰকাৰে গতাই দিয়ক আফগানিস্তানৰ তালিবান চৰকাৰক। তালিবানৰ সৈতে শেহতীয়াকৈ উচ্চস্তৰীয় কূটনৈতিক সম্পৰ্ক স্থাপন কৰাৰ পাছতে তালিবান চৰকাৰে এই দাবী ৰাখিছে ভাৰত চৰকাৰৰ সন্মুখত। 

উল্লেখ কৰা প্ৰয়োজন যে, যোৱা বছৰৰ ডিচেম্বৰ মাহত ভাৰতীয় বৈদেশিক সচিব বিক্ৰম মিস্ত্ৰীয়ে ডুবাইত তালিবানৰ বিদেশ মন্ত্ৰীৰ সৈতে এক আলোচনাত বহিছিল। ভাৰতে তালিবানৰ সৈতে দ্বিপাক্ষিক সহযোগিতাৰ বাবে আলোচনা কৰিছে। যাৰ পৰিপ্ৰক্ষিতত এই সুযোগ গ্ৰহণ কৰি তালিবানে ভাৰত চৰকাৰক কৰিছে এই বিশেষ আহ্বান।

তালিবান চৰকাৰৰ এই আহ্বান দলিয়াই পেলোৱা নাই ভাৰত চৰকাৰেও। তালিবানৰ এই দাবীক লৈ পৰ্যালোচনা কৰিছে ভাৰত চৰকাৰে। কিন্তু চূড়ান্ত সিদ্ধান্ত ভাৰতে অতি সাৱধানতাৰে গ্ৰহণ কৰিব লাগিব কিয়নো, তালিবানৰ সৈতে পাক সন্ত্ৰাসবাদী সকলৰ আছে ভাল সম্পৰ্ক। গতিকে এনে পৰিস্থিতিত নতুন দিল্লীৰ আফগান দূতাবাসৰ দায়িত্ব সম্পূৰ্ণৰূপে তালিবানক এৰি দিলে ভাৰত বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। 

ইফালে ভাৰতেও কাবুলত থকা ভাৰতীয় দূতাৱাস পুনৰ খোলাৰ সম্ভাৱনা আছে। ২০২১ৰ আগষ্ট মাহৰ পৰা তালিবানে আফগানিস্তান দখল কৰাৰ পিছতে পৰা এই দূতাৱাস বন্ধ হৈ আছে। শেহতীয়াকৈ তালিবানৰ সৈতে সম্পৰ্ক কিছু উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতে কাবুলৰ এই দূতাৱাসৰ কাম পুনৰ আৰম্ভ কৰা সম্ভাৱনা আছে।

আফগানিস্তান