৬ বছৰীয়া শিশুক বিয়া কৰা ৪৫ বছৰীয়া দৰাক তালিবানে কৰিলে গ্ৰেপ্তাৰঃ ক'লে ৯ বছৰ বয়সত লৈ যাব

আফগানিস্তানৰ তালিবান চৰকাৰে ৪৫ বছৰীয়া এজন ব্যক্তিক ৬ বছৰীয়া এগৰাকী ছোৱালীৰ সৈতে বিবাহত বাধা আৰোপ কৰিছে। দৰাৰ লগতে শিশুটিক বিয়া দিবলৈ সাজু হোৱা পিতৃকো আটক কৰিও মুক্তি। 

author-image
Tushar Pratim
New Update
৬ বছৰীয়া ছোৱালীক বিয়া কৰা ৪৫ বছৰীয়া দৰাক তালিবানে কৰিলে গ্ৰেপ্তাৰঃ ক'লে ৯ বছৰ বয়সত লৈ যাব

ডিজিটেল ডেস্কঃ আফগানিস্তানৰ তালিবান চৰকাৰে ৪৫ বছৰীয়া এজন ব্যক্তিক ছয় বছৰীয়া এগৰাকী ছোৱালীৰ সৈতে বিবাহত বাধা আৰোপ কৰিছে। দৰাৰ লগতে ছবছৰীয়া শিশুটিক বিয়া দিবলৈ সাজু হোৱা পিতৃকো গ্ৰেপ্তাৰ কৰিছে। 

Advertisment

কিন্তু সকলোকে আচৰিত কৰি তালিবান চৰকাৰে দৰাজনক কয় যে আৰু তিনি বছৰ পিছত ঘূৰি আহি ছোৱালীজনীক বিয়া কৰাবলৈ। অৰ্থাৎ ছোৱালীজনীৰ ৯ বছৰ বয়সত বিয়া কৰাবলৈ কোৱা হৈছে এতিয়াৰ ৪৫ বছৰীয়া ব্যক্তিজনক। যাৰ ৩ বছৰ পিছত বয়স হ’বগৈ ৪৮ বছৰ। 

তালিবানে প্ৰকাশ কৰা মতে যেতিয়া ছোৱালীজনীৰ বয়স ৯ বছৰ হ’ব তেতিয়াহে তেওঁক ‘শহুৰ-শাহু’ৰ ওচৰলৈ পঠিয়াব পাৰিব। আফগান সংবাদ মাধ্যমে এই খবৰ প্ৰকাশ কৰিছে। ছ’চিয়েল মিডিয়াতো প্ৰচাৰ হৈছে বিয়াৰ কেইবাখনো ছবি আৰু ভিডিঅ’। 

দক্ষিণ আফগানিস্তানৰ মাৰ্জাহ জিলাত সংঘটিত হৈছে এই ঘটনা। অভিযোগ অনুসৰি ধনৰ অভাৱত শিশুটিক বিক্ৰী কৰিছিল পিতৃয়ে। ছয় বছৰীয়া শিশুটিক বিয়া কৰাইছিল ৪৫ বছৰীয়া যুৱকজনে। 

এয়া আছিল তেওঁৰ তৃতীয় বিবাহ। তেওঁৰ ইতিমধ্যে আছে আৰু দুগৰাকী পত্নী। এই খবৰ পোহৰলৈ অহাৰ পাছত তালিবান চৰকাৰে হস্তক্ষেপ কৰে। বন্ধ কৰি দিয়ে বিয়া। চৰকাৰে শিশুটিক উদ্ধাৰ কৰি পিতৃৰ ঘৰলৈ পঠিয়াই দিয়ে। 

তালিবানে কয় যে যেতিয়া শিশুটিয়ে ৯ বছৰ সম্পূৰ্ণ কৰিব তেতিয়া তেওঁক যুৱকজনৰ ঘৰলৈ পঠিয়াব পাৰিব। স্থানীয় তালিবান প্ৰশাসনে এই বিষয়ত কোনো বিবৃতি প্ৰকাশ কৰা নাই। 

স্থানীয় আৰক্ষীয়ে দৰা আৰু শিশুটিৰ পিতৃক এই কাৰ্যৰ বাবে প্ৰথমে আটক কৰে যদিও পিছত যাবলৈ দিয়ে আৰু ৯ বছৰ বয়স হ'লে শিশুটিক লৈ যাবলৈ পৰামৰ্শ দিয়ে। অৱশ্যে তেওঁলোকৰ বিৰুদ্ধে কোনো চৰকাৰী গোচৰ ৰুজু কৰা হোৱা নাই। স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি শিশুটি বৰ্তমান পিতৃ-মাতৃৰ সৈতে আছে।

আফগানিস্তানত বাল্য বিবাহ নতুন কথা নহয়। দেশখনত শিশু সৰবৰাহো মুকলিভাৱেই চলি আছে। ২০২১ চনত আফগানিস্তানত তালিবানে ক্ষমতা দখল কৰিছিল। তেতিয়াৰ পৰা তাত বাল্যবিবাহ বৃদ্ধি পাইছে। 

ইয়াৰ আগতে সেই দেশত ছোৱালীৰ বিয়াৰ নূন্যতম বয়স আছিল ১৬ বছৰ। কিন্তু তালিবান ক্ষমতালৈ অহাৰ পিছত তেওঁলোকে পূৰ্বৰ চৰকাৰৰ সেই শাসন ব্যৱস্থা বিলুপ্ত কৰিছে। তালিবানৰ শাসনত বিবাহৰ বয়সৰ কোনো সীমা নাই। 

অভিযোগ কৰা হৈছে যে তালিবান শাসনত আফগানসকলৰ মাজত দৰিদ্ৰতা উচ্চ শিখৰত উপনীত হৈছে। দৰিদ্ৰতাৰ বাবেই পিতৃ-মাতৃয়ে বহু কন্যাক বিক্ৰী কৰিবলৈ বাধ্য হৈছে।

তালিবান ক্ষমতালৈ অহাৰ পিছত তেওঁলোকে আফগান মহিলাৰ ওপৰত একাধিক ধাৰাবাহিক সামাজিক নিয়ম জাপি দিছে। কঠোৰভাৱে বলবৎ কৰা হৈছিল বোৰ্খা।

পৰিসংখ্যা অনুসৰি তালিবান ক্ষমতালৈ অহাৰ পিছৰে পৰা বাল্যবিবাহ ২৫ শতাংশ বৃদ্ধি পাইছে। মানৱ অধিকাৰ সংগঠনসমূহে দীৰ্ঘদিন ধৰি আফগানিস্তানত আন্তঃৰাষ্ট্ৰীয় হস্তক্ষেপৰ আহ্বান জনাই আহিছে।

 

আফগানিস্তান তালিবান