Advertisment

বৰদলনি শিক্ষাখণ্ডত বন্ধু বিদ্যালয়ৰ নান্দনিক শৈক্ষিক অনুষ্ঠান

ধেমাজি জিলাৰ বৰদলনি শিক্ষাখণ্ডৰ অন্তৰ্গত নাহৰবাৰী উত্তৰ আৰু দক্ষিণ মণ্ডলৰ পাঁচখন বিদ্যালয়ৰ মাজত এক নান্দনিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। জংকী পানৈৰ স্মৃতি কঢ়িয়াই থকা সোৱণশিৰি নদীৰ এৰাসুঁতি "ৰেগী ৰেগাম" অঞ্চলৰ বিনন্দীয়া প্ৰাকৃতিক পৰিবেশৰ মাজত এই অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
dhakuakhana

dhakuakhana

ডিজিটেল সংবাদ, ঢকুৱাখনা : ধেমাজি জিলাৰ বৰদলনি শিক্ষাখণ্ডৰ অন্তৰ্গত নাহৰবাৰী উত্তৰ আৰু দক্ষিণ মণ্ডলৰ পাঁচখন বিদ্যালয়ৰ মাজত এক নান্দনিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। মণ্ডলটোৰ অন্তৰ্গত উৰাংবস্তি প্ৰাথমিক বিদ্যালয়, টিংগিৰি প্ৰাথমিক বিদ্যালয়, পশ্চিম পুৰণাঘাট প্ৰাথমিক বিদ্যালয় , নাহৰবাৰী এন. চি.প্ৰাথমিক বিদ্যালয় আৰু নামনি সোৱণশিৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত "বন্ধু বিদ্যালয়"ৰ শৈক্ষিক অনুষ্ঠানটি পুৰাতন বৈদিক সনাতন যুগৰ গুৰু আশ্ৰমৰ আদৰ্শৰে অনুষ্ঠিত কৰা হয়। 

Advertisment

ঐতিহ্য বিজড়িত জংকী পানৈৰ স্মৃতি কঢ়িয়াই থকা সোৱণশিৰি নদীৰ এৰাসুঁতি "ৰেগী ৰেগাম" অঞ্চলৰ বিনন্দীয়া প্ৰাকৃতিক পৰিবেশৰ মাজত এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়। শিক্ষা বিভাগৰ নীতি নিৰ্দেশনা ভিত্তিত অনুষ্ঠিত মনোজ্ঞ অনুষ্ঠানটিত  শিক্ষাৰ্থীসকলৰ মাজত অন্তৰংগ পৰিচয়ৰ পাছত শিকণ সঁজুলিসহ দ্বিতীয় শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে সংখ্যা জ্ঞানৰ এক আদৰ্শ পাঠদান দিয়া হয় । 

group photo
group photo

 

বিদ্যালয়সমূহৰ প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে আদৰ্শ পাঠদানত অংশগ্ৰহণ কৰি শিক্ষণ শিকণ প্ৰক্ৰিয়াৰ সফলতা আৰু বিফলতাৰ দিশসমূহ পৰ্যালোচনা কৰি ইয়াৰ সংশোধিত প্ৰক্ৰিয়াৰ বিচাৰ কৰে । শিক্ষাখণ্ডটোৰ দুয়োগৰাকী খণ্ড সমল ব্যক্তি ক্ৰমে মুকুল সুত আৰু প্ৰণতি দেৱীৰ সঞ্চালনাত অনুষ্ঠিত শৈক্ষিক অনুষ্ঠানটিত বিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলৰ দক্ষতা বিষয়ত পঠন, লিখন, বানান আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

dhakuakhana
dhakuakhana

 

ইয়াৰ উপৰিও প্ৰথম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ মাজত "ছবি চাই সাধু কোৱা" প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় । বিদ্যালয়সমূহৰ মাজত শৈক্ষিক অগ্ৰগতিৰ সন্দৰ্ভত অৱগতকৰণ, জ্ঞানৰ আদান- প্রদানেৰে সমতুল্য পৰিবেশৰ সূচনা কৰিবলৈ প্ৰয়াস কৰা হয়। দুয়োটা মণ্ডলৰ সমন্বয়ক অৰুণ জ্যোতি কুটুমৰ তত্বাবধানত অনুষ্ঠিত সুন্দৰ অনুষ্ঠানটিৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মাজত প্ৰতিযোগিতামূলক মানসিকতা গঢ়ি অভিজ্ঞতাপুষ্ট হৈ শিক্ষাৰ্থীসকলে শৈক্ষিক যাত্ৰাত আত্মপ্ৰতিষ্ঠা কৰিবলৈ বহুলাংশে সক্ষম হ’ব । 

ইয়াৰোপৰি সমগ্ৰ শৈক্ষিক কাৰ্যক্ৰমৰ অন্তত অৱনৰি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক জীৱন চাংমাইৰ পৰিচালনাত শিক্ষাৰ্থীসকলৰ মাজত সহবিদ্যায়তনিক কৰ্মসূচী, নৃত্য আৰু গীতৰ সুন্দৰ অনুষ্ঠানেৰে সমগ্ৰ কাৰ্যক্ৰমণিকা আৰু সোৱণশিৰি নদীৰ পাৰৰ পৰিবেশ জীপাল কৰি তোলা পৰিলক্ষিত হয় ।

dhakuakhana