এডভান্টেজ আছাম ২.০ৰ উদ্যোগত জিলা পৰ্যায়ৰ বুজাবুজি চুক্তি স্বাক্ষৰ

অনুষ্ঠানত এডভান্টেজ আছাম ২.০ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উদ্বোধনী ভাষণ, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু আগশাৰীৰ বিনিয়োগকাৰীৰ  ভাষণ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়।

author-image
Asomiya Pratidin
New Update
cvx

ডিজিটেল সংবাদ,মঙলদৈঃ  মঙলবাৰে দৰং জিলাতো এডভান্টেজ আছাম ২.০ৰ উদ্যোগত জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতী আৰু জিলা পৰ্যায়ৰ বিষয়াসকলৰ উপস্থিতিত জিলা পৰ্যায়ৰ বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠিত হয়।

এই অনুষ্ঠানত এডভান্টেজ আছাম ২.০ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উদ্বোধনী ভাষণ, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু আগশাৰীৰ বিনিয়োগকাৰীৰ  ভাষণ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়। লগতে উপস্থিত সকলোৱে ভাৰ্চুৱেলভাৱে এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হয়।

অনুষ্ঠানত জিলা আয়ুক্তগৰাকীয়ে বুজাবুজি চুক্তিৰ তাৎপৰ্য আৰু ইয়াৰ দ্বাৰা জিলাখনৰ উদ্যোগিক উন্নয়ন আৰু অৰ্থনৈতিক উন্নয়নত কেনে প্ৰভাৱ পৰিব এই সম্পৰ্কত আলোকপাত কৰে। এই অনুষ্ঠানত প্ৰায় এশজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

 অনুষ্ঠানৰ প্ৰথম দিনটোত জিলাখনত প্ৰায় ১৪৫ কোটি টকা বিনিয়োগৰ বাবে ৩৩ জন বিনিয়োগকাৰীয়ে বুজাবুজি চুক্তি স্বাক্ষৰ (Mou) কৰিছে আৰু বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠান কাইলৈলৈকে চলি থাকিব।

এই বুজাবুজি চুক্তি স্বাক্ষৰে এডভান্টেজ আছাম ২.০ ৰূপায়ণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰা হৈছে আৰু ই জিলাখনত উদ্যোগিক বিকাশ, আন্তঃগাঁথনি উন্নয়ন আৰু কৰ্মসংস্থাপন সৃষ্টিৰ বাটকটীয়া হিচাপে কাম কৰিব।

দৰং