/asomiyapratidin/media/media_files/2025/02/10/63nhJX3fAqUur9GnxHQi.jpg)
ডিজিটেল সংবাদ,শোণিতপুৰঃ আজি শোণিতপুৰত 'এডভাণ্টেজ আছাম ২.০’ সম্পৰ্কীয় কৰ্মশালাত অংশগ্ৰহণৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। সংবাদমেলত তেওঁ কয় যে, ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত 'এডভাণ্টেজ আছাম ২.০’ অনুষ্ঠিত হ’ব। দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 'এডভাণ্টেজ আছাম ২.০’ মুকলি কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশা যে অসমলৈকে কেইবা লাখ কোটি টকাৰ ইণ্ডাষ্ট্ৰীয়েল পেকেজ বা প্ৰপোজেল আহিব আৰু পৰৱৰ্তী সময়ত ঔদ্যোগীকৰণে অসমত তৰাণ্বিত গতি লাভ কৰিব।
লগতে তেওঁ কয়, আমাৰ টাটা ছেমিকণ্ডাক্টৰৰ কথা সকলোৱে জানে। ঠিক তেনেকৈ বহুখিনি উদ্যোগ অসমলৈ অহাৰ কথা চলি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেশে-বিদেশে উদ্যোগীসকলৰ লগত আলোচনা কৰি অসমলৈকে নিমন্ত্ৰণ জনাইছে। আমি প্ৰত্যেক জিলাত যিসকল উদ্যমী আছে, তেওঁলোকক উৎসাহিত কৰিবলৈ জিলা মুখ্য কাৰ্যালয়সমূহত ৰোডশ্ব’ পাতিছো। ইয়াৰ অংশ হিচাপে আজি আমি শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ ৰোডশ্ব’ত অংশগ্ৰহণ কৰিলো।
আমাৰ যিসকল উদ্যমী বা উদ্যোগী তেওঁলোকে কি সমস্যাত ভুগিছে বা কিবা তেওঁলোকৰ অসুবিধা আছে নেকি- সেই বিষয়ে আলোচনা কৰিলো। আৰু চৰকাৰৰ ফালৰ পৰা কি কি সুবিধা দিয়া হ’ব, তাৰ কাৰণেও আমি প্ৰেজেণ্টেচন দিলো। মুঠৰ ওপৰত অসমত যাতে এখন মেনুফেকচাৰিং হাব হয়, তাৰ কাৰণে ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি পদক্ষেপ লৈছে, তাক তৰাণ্বিত কৰিবলৈকে আমি সকলোৱে হাতে-কামে লাগি আছো বুলি উল্লেখ কৰে মন্ত্ৰী হাজৰীকাই।
এইখন চৰকাৰে চাকৰিৰ নামত কাকো এক টকাও খাবলৈ নিদিয়ে, খোৱা নাই আৰু যিসকল মেধাসম্পন্ন ল’ৰা-ছোৱালী তেওঁলোকেহে চাকৰি পাব। আজি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰি চাকৰিৰ নামত দালালি কৰাসকলক কঠোৰ সকীয়নি প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে চাকৰিৰ নামত যিয়েই দালালি কৰিব, চাকৰিৰ নামত যিয়েই মানুহক প্ৰতাৰণা কৰিব, কোনোপধ্যে কাকো সাৰি যাবলৈ দিয়া নহ’ব।
চাকৰিৰ নামত গৰ্হিত কাম কৰিবলৈ দিয়া নহ’ব। লাগিলে সেয়া যি দলৰেই নহওঁক। মন্ত্ৰীগৰাকীয়ে এনেধৰণৰ কোনো নিযুক্তি জলসম্পদ বিভাগে দিয়া নাই বুলি স্পষ্ট কৰে। তেওঁ কয় যে এয়া সম্পূৰ্ণ ভুৱা। ইয়াৰ উচিত তদন্ত কৰা হ’ব। কোনোবাই যদি এনেকুৱা দুষ্কাৰ্য কৰিছে, গৰ্হিত কাম কৰিছে কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হ’ব বুলি তেওঁ দৃঢ়তাৰে উল্লেখ কৰে।
উল্লেখ্য যে, মন্ত্ৰীগৰাকীয়ে আজি সামাজিক মাধ্যমতো এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ একাংশ দুষ্টচক্ৰই জলসম্পদ বিভাগৰ নামত ভুৱা ৱেবছাইট খুলি নিযুক্তি সম্পৰ্কীয় অপপ্ৰচাৰ চলাই থকা দৃষ্টিগোচৰ হোৱা বুলি উল্লেখ কৰে। কোনোৱে যদি এনে কোনো চক্ৰৰ পৰা জলসম্পদ বিভাগত ভুৱা নিযুক্তিৰ কোনো বাৰ্তা লাভ কৰিছে, তেন্তে মন্ত্ৰীগৰাকীয়ে শীঘ্ৰেই বিভাগীয় কাৰ্যালয়ত যোগাযোগ কৰিবলৈ আহ্বান জনায়।
এই দুষ্টচক্ৰৰ বিৰুদ্ধে গোচৰ প্ৰদানৰ বাবে ইতিমধ্যে বিভাগক নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰি ন্যস্ত স্বাৰ্থজড়িত এনে কু-অভিপ্ৰায় কৰাসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ হাতত লোৱা হ'ব বুলি সকীয়নি দিয়ে। নিযুক্তি সম্পৰ্কীয় যিকোনো তথ্য বা বাতৰি থাকিলে, চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি এনে ভুৱা বাতৰিৰ পৰা আঁতৰি থাকিবলৈ ৰাইজক আহ্বান জনায়।