২৮খন জিলাত আৰম্ভ ADRE পৰীক্ষা...

২৮খন জিলাত আৰম্ভ ADRE পৰীক্ষা...

author-image
Asomiya Pratidin
New Update
২৮খন জিলাত আৰম্ভ ADRE পৰীক্ষা...

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা তথা এ ডি আৰ ইৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ পৰীক্ষা ইতিমধ্যে আৰম্ভ হৈছে। দুইবেলাকৈ অনুষ্ঠিত কৰা হৈছে এই পৰীক্ষা। আগবেলা ১,৪৮৪ টা কেন্দ্ৰত পুৱা ৯ বজাৰ পৰা ১১.৩০ বজালৈ আৰু পিছবেলা দুপৰীয়া ১.৩০ বজাৰ পৰা বিয়লি ৪.০০ বজালৈ ৮০৮ টা কেন্দ্ৰত এই নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব ।

চতুৰ্থ বৰ্গৰ বাবে ৰাজ্যৰ ২৮খন জিলাৰ মুঠ ১৩,৭৯,১৩২ গৰাকী পৰীক্ষাৰ্থীয়ে আবেদন কৰিছে । এই পৰীক্ষাত দুখন প্ৰশ্নকাকত থাকিব । প্ৰথমখন প্ৰশ্নকাকত হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণৰ বাবে আৰু দ্বিতীয়খন প্ৰশ্নকাকত অষ্টম শ্ৰেণী উত্তীৰ্ণৰ বাবে ।

উল্লেখ্য যে, আজি ৫,০২৩ টা পদৰ বাবে এ ডি আৰৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হৈছে । আগবেলা হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ চতুৰ্থ বৰ্গৰ পৰীক্ষাত ৮,২৭,১৩০ গৰাকী আৰু পিছবেলা অষ্টম শ্ৰেণী উত্তীৰ্ণ চতুৰ্থ বৰ্গৰ পৰীক্ষাত ৫,৫২,০০২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব ।

ADRE পৰীক্ষা