/asomiyapratidin/media/media_files/2025/07/24/new-ap-web-1-16-2025-07-24-10-06-59.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যত নামনিৰ পৰা উজনিলৈ প্ৰশাসনে উচ্ছেদ অভিযান অব্যাহত ৰখাৰ সময়তে গুৱাহাটীৰ আদিংগিৰি পাহাৰত সন্দেহজনক লোকে বসতি আৰম্ভ কৰাৰ তথ্য বুধবাৰে সংবাদ মাধ্যমৰ জৰিয়তে সবিস্তাৰে প্ৰকাশ পাইছিল।
আদিংগিৰিৰ সূৰ্যপাহাৰত এই সন্দেহজনক লোকসকলে আহি পাহাৰৰ তিলাত বসতি আৰম্ভ কৰি নতুনকৈ ইয়াৰ নামকৰণ কৰি সূৰ্যপাহাৰৰ ঠাইত কুদৰতপুৰ কৰিছিল। তাৰোপৰি ইয়াত থকা এটা মন্দিৰৰ ভগ্নাৱশেষৰ সমীপতে মাদ্ৰাছা আৰু মছজিদ নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন হৈছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/24/madrasa-2025-07-24-10-05-09.jpeg)
এই খবৰ বিয়পি পৰাৰ পিছতে আজি প্ৰশাসনে সূৰ্য পাহাৰত চলাব উচ্ছেদন অভিযান। জানিব পৰা মতে বৃহস্পতিবাৰেই চক্ৰ বিষয়াই এই অঞ্চল পৰিদৰ্শন কৰি অবৈধ বেদখলকাৰীক সেই স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল।
জানিব পৰা মতে সূৰ্যপাহাৰৰ এই তিলাত এটা, দুটাকৈ আহি প্ৰায় ৭০ টা পৰিয়ালৰ ৩০০ ৰো অধিক লোকে বসতি আৰম্ভ কৰিছে। তথ্য অনুসৰি এই লোকসকল বৰপেটা, নগৰবেৰা, হাইলাকান্দি আদিৰ পৰা আহি এইদৰে পাহাৰ বেদখল কৰি বসতি স্থাপন কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/24/adinggiri-2025-07-24-10-05-33.jpeg)
তাতেই তেওঁলোকে পাহাৰৰ গছ, বন, মাটি আদি কাটি নিৰ্মাণ কৰা কুদৰতপুৰৰ পৰা এতিয়া নিতৌ ভাঁহি আহে আজানৰ শব্দ। অথচ কিছু দিনৰ আগলৈকে ইয়াত আছিল কেৱল চৰাই-চিৰিকতিৰহে শব্দ।
ইয়াত নিৰ্মাণ কৰা মাদ্ৰাছাখনৰ নাম দিয়া হৈছে হাফিজীয়া মাদ্ৰাছা ও এতীমখানা। এইখন নিৰ্মাণ কৰিছে হাইলাকান্দিৰ পৰা অহা হজৰত শ্বেইখ আলাউদ্দিনে। পূৰ্বে ইয়াৰ কাষতে আছিল এটা সূৰ্য মন্দিৰ। কিন্তু এই সন্দেহজনক বেদখলকাৰীসকলে এই মন্দিৰটো এতিয়া প্ৰায় অস্তিত্বহীন কৰি তুলিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/24/addingiri-2025-07-24-10-05-53.jpeg)
আটাইতকৈ ডাঙৰ কথাটো হৈছে এই বেদখলকাৰীসকলে নাজানে এই পাহাৰটোৰ ইতিহাস, ঐতিহ্য। আনকি বহুতেই নাজানে এই পাহাৰটোৰ নাম যে সূৰ্য পাহাৰ। তেওঁলোক বিভিন্ন জিলাৰ পৰা আহিছে নতুনকৈ নামকৰণ কৰা কুদৰতপুৰলৈ। সেয়ে স্বাভাৱিকতে প্ৰশ্ন হয় এইসকল লোকে কিদৰে এই স্থানৰ সম্ভদ লাভ কৰিলে আৰু কিদৰে আহি ইয়াত বসতি আৰম্ভ কৰিছে?
ইতিমধ্যে তেওঁলোকে পাহাৰৰ ওপৰত ঘৰ-দুৱাৰ নিৰ্মাণ কৰি বাৰীও স্থাপন কৰিছে। তাৰোপৰি তেওঁলোকে লাভ কৰিছে বিদ্যুতৰ সংযোগো। সেয়ে এই লোকসকলক ইয়াত বসতি স্থাপন কৰাৰ আঁৰত আছে নেকি আন কোনো শক্তি?
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/24/adinggiri-2025-07-24-10-06-15.jpeg)
স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে এই পাহাৰলৈ নিতৌ অচিনাক্ত লোকৰ আগমণ ঘটে আৰু তেওঁলোকে ইয়াত বাহৰ পাতে। এই বিষয়টোৱে এতিয়া গুৱাহাটীৰ সুৰক্ষাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে। কিয়নো নতুনকৈ নামকৰণ কৰা এই কুদৰতপুৰৰ পৰা সমগ্ৰ গুৱাহাটীখন চাব পাৰি। তাৰ পৰা জিলিকি থাকে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম, গান্ধী মণ্ডপ, কামাখ্যা পাহাৰ আদি।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/24/addingiri-2025-07-24-10-06-32.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us