পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দায়িত্বপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব ড° বি. কল্যাণ চক্ৰৱৰ্তীক সাক্ষাৎ দেৱব্ৰত শইকীয়াৰ

দৰং জিলাৰ দলগাঁও সমজিলাত পঞ্চায়তৰ সভাপতি নিৰ্বাচনৰ সময়ত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত শুকুৰবাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দায়িত্বপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব ড° বি. কল্যাণ চক্ৰৱৰ্তীক সাক্ষাৎ কৰে অসম প্ৰদেশ কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই

author-image
Asomiya Pratidin
New Update
307

ডিজিটেল সংবাদ, গুৱাহাটী : দৰং জিলাৰ দলগাঁও সমজিলাত পঞ্চায়তৰ সভাপতি নিৰ্বাচনৰ সময়ত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত শুকুৰবাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দায়িত্বপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব ড° বি. কল্যাণ চক্ৰৱৰ্তীক সাক্ষাৎ কৰে অসম প্ৰদেশ কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই। অতিৰিক্ত মুখ্য সচিবগৰাকীক জনতা ভৱনত সাক্ষাৎ কৰি ঘটনা সম্পৰ্কে অৱগত কৰাৰ লগতে এখন স্মাৰকপত্ৰও প্ৰদান কৰে জ্যেষ্ঠ নেতা শইকীয়াই।

Advertisment

আজিৰ এই সাক্ষাতকালত দলপতি শইকীয়াক সংগ দিয়ে কংগ্ৰেছ বিধায়িনী দলৰ জ্যেষ্ঠ সদস্য ও সতীৰ্থ বিধায়ক ৱাজেদ আলী চৌধুৰী, আব্দুৰ ৰাছিদ মণ্ডল, দলগাওঁ সমষ্টিৰ প্ৰাক্তন বিধায়ক ইলিয়াছ আলী, দলগাওঁ সমষ্টিৰ জিলা পৰিষদ আৰু পঞ্চায়তৰ সদস্য-সদস্যাসকলে। দেৱব্ৰত শইকীয়াই উক্ত ঘটনা সন্দৰ্ভত আলোচনা মৰ্মে, অতিৰিক্ত মুখ্যসচিবগৰাকীক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নহ'বলৈ অনুৰোধ জনায়।

তাৰোপৰি বৃহস্পতিবাৰে দলগাঁৱত সংঘটিত হোৱা সভাপতি বাচনি প্ৰক্ৰিয়া পুনৰ কৰিবলৈ স্মাৰক পত্ৰযোগে দাবী জনাই বুলি অৱগত কৰে দেবব্ৰত শইকীয়াই। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, বৃহস্পতিবাৰে দৰং জিলাৰ দলগাওঁ সমজিলাত পঞ্চায়তৰ সভাপতি নিৰ্বাচনৰ সময়ত আৰক্ষী, অৰ্ধ সামৰিক বাহিনীৰ দ্বাৰা নিৰ্বাচিত জনপ্ৰতিনিধিৰ ওপৰত লাঠী চার্জ, হতাহতি আৰু পঞ্চায়তৰ সভাপতি নিৰ্বাচনৰ বাবে প্ৰশাসনে নিয়োজিত কৰা কেতবোৰ বিষয়াৰ দ্বাৰা ব্যাপক খেলিমেলি সৃষ্টি কৰাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। সেয়েহে আজি উক্ত ঘটনাৰ সবিশেষ অৱগত কৰাৰ উদ্দেশ্যে অতিৰিক্ত মুখ্য সচিব ড° বি. কল্যাণ চক্ৰৱৰ্তীক সাক্ষাৎ কৰে দেৱব্ৰত শইকীয়াই।

অসম প্ৰদেশ কংগ্ৰেছ দেৱব্ৰত শইকীয়া গৌৰৱ গগৈ