মণিপুৰলৈ কেন্দ্ৰৰ ১৫৩.৩৬ কোটি টকাৰ অতিৰিক্ত সাহায্য

মণিপুৰলৈ কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে ১৫৩.৩৬ কোটি টকাৰ আৰ্থিক সাহাৰ্য। ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত ৰাজ্যখনৰ ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহৰ বাবে আগবঢ়াইছে এই আৰ্থিক সাহাৰ্য....

author-image
Asomiya Pratidin
New Update
মণিপুৰলৈ ১৫৩.৩৬ কোটি টকাৰ অতিৰিক্ত সাহায্য

ডিজিটেল ডেস্ক : মণিপুৰলৈ কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে ১৫৩.৩৬ কোটি টকাৰ আৰ্থিক সাহাৰ্য। ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত ৰাজ্যখনৰ ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহৰ বাবে আগবঢ়াইছে এই আৰ্থিক সাহাৰ্য। 

মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত গঠিত এখন উচ্চস্তৰীয় সমিতিৰ বৈঠক লোৱা সিদ্ধান্ত মৰ্মে এই প্ৰস্তাৱত অনুমোদন জনায়। উল্লেখযোগ্য যে, মণিপুৰকে ধৰি দেশৰ ২৮খন ৰাজ্যক ২০২৪-২৫ বিত্তীয় বৰ্ষত সৰ্বমুঠ ২০,২৬৪.৪০কোটি টকা সাহাৰ্য হিচাপে প্রদান কৰা হৈছে। 

প্ৰণিধানযোগ্য যে, এছ ডি আৰ এফৰ শিতানত প্রদান কৰা হৈছে এই ধন। একেদৰে এন ডি আৰ এফৰ শিতানত দেশৰ ১৯ ৰাজ্যক প্রদান কৰা হৈছে ৫১৬০.৭৬কোটি টকাৰ সাহাৰ্য।

manipur