সেনা বাহিনীৰ সুবিথাৰ্ধে প্ৰতিৰক্ষা বাজেটত আবন্টন হ'ব পাৰে অতিৰিক্ত ধন...

চৰকাৰে পৰিপূৰক বাজেটৰ জৰিয়তে ৫০ হাজাৰ কোটি টকাৰ অতিৰিক্ত প্ৰস্তাৱ আগবঢ়াইছে। শীতকালীন অধিবেশনত প্ৰতিৰক্ষা বাজেটত অতিৰিক্ত আবণ্টন অনুমোদন হ’ব পাৰে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
1 rajnath

ডিজিটেল ডেস্কঃ   অপাৰেচন সিন্দুৰৰ বাবে চৰকাৰে প্ৰতিৰক্ষা বাজেট আৰু অধিক বৃদ্ধি কৰাৰ কথা চিন্তা কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, শীঘ্ৰে প্ৰতিৰক্ষা বাজেটত অতিৰিক্ত ধন আবণ্টন হ’ব পাৰে। এই অতিৰিক্ত আবণ্টনে সশস্ত্ৰ বাহিনীৰ প্ৰয়োজনীয়তা, প্ৰয়োজনীয় ক্ৰয় আৰু গৱেষণা বিকাশত সহায় কৰিব। এই অতিৰিক্ত আবণ্টন নতুন অস্ত্ৰ আৰু গোলাবাৰুদ, প্ৰযুক্তি ক্ৰয়ৰ বাবে ব্যয় কৰা হ’ব।  

Advertisment
বছৰ প্ৰতিৰক্ষা বাজেট (কোটি হিচাপত)
২০১৪-১৫ চন ২,২৯,০০০ ₹
২০১৫-১৬ চন ২,৪৬,৭২৭ ₹
২০১৬-১৭ চন ₹৩,৪০,৯২১ টকা
২০১৭–১৮ চন     ₹৩,৫৯,৮৫৪ টকা
২০১৮–১৯ চন ₹৪,০৪,৩৬৫ টকা
২০১৯-২০ চন ₹৪,৩১,০১১
২০২০–২১ চন ₹৪,৭১,৩৭৮ টকা
২০২১-২২ চন ₹৪,৭৮,১৯৬ টকা
২০২২-২৩ চন ₹৫,২৫,১৬৬ টকা
  ২০২৩-২৪ চন     ₹৫,৯৩,৫৩৮ টকা
২০২৪-২৫ চন ₹৬,২১,৯৪১ টকা
২০২৫-২৬ চন ₹৬,৮১,২১০ টকা

প্ৰাপ্ত তথ্য অনুসৰি, চৰকাৰে পৰিপূৰক বাজেটৰ জৰিয়তে ৫০ হাজাৰ কোটি টকাৰ অতিৰিক্ত প্ৰস্তাৱ আগবঢ়াইছে। শীতকালীন অধিবেশনত অতিৰিক্ত আবণ্টন অনুমোদন হ’ব পাৰে।উল্লেখ্য যে, এইবাৰ প্ৰতিৰক্ষা বাজেটত ৬.৮১ লাখ কোটি টকাৰে অভিলেখ সৃষ্টি হৈছিল।

মোডী চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা বিগত ১০ বছৰত প্ৰতিৰক্ষা বাজেট অভিলেখ বৃদ্ধি পাইছে। ২০১৪-১৫ চনত প্ৰতিৰক্ষা বাজেট আছিল ২.২৯ লাখ কোটি টকা। ইয়াৰ বিপৰীতে এইবাৰ বাজেট ৬.৮১ লাখ কোটি টকা, যিটো মুঠ বাজেটৰ ১৩.৪৫%। আন সকলো মন্ত্ৰালয়ৰ তুলনাত এয়া সৰ্বাধিক। 

 

প্ৰতিৰক্ষা বিভাগ অপাৰেচন সিন্দুৰ