যাত্ৰীবাহী বাছৰ পৰা জব্দ ১১ কেজি নিচাযুক্ত সামগ্ৰীঃ আটক ২ সৰবৰাহকাৰী

যাত্ৰীবাহী বাছৰ পৰা জব্দ ১১ কেজি নিচাযুক্ত সামগ্ৰীঃ আটক ২ সৰবৰাহকাৰী

author-image
Asomiya Pratidin
New Update
যাত্ৰীবাহী বাছৰ পৰা জব্দ ১১ কেজি নিচাযুক্ত সামগ্ৰীঃ আটক ২ সৰবৰাহকাৰী

ডিজিটেল সংবাদ,বিশ্বনাথঃ বৃহস্পতিবাৰে অভিনব নামৰ এখন যাত্ৰীবাহী বাছত অভিযান চলাই বিশ্বনাথ জিলা আৰক্ষীৰ এটা বিশেষ দলে।অভিযানত প্ৰায় ১১ কেজি গাঞ্জা জব্দ কৰে আৰক্ষীৰ দলটোৱে। লগতে আটক কৰে ২ গাঞ্জা সৰবৰাহকাৰীক।আটক কৰা গাঞ্জা সৰবৰাহকাৰী কেইজন ৰৌতাৰ বিৰাজ বসুমতাৰী আৰু ওৰাঙৰ শুক্ল বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে।

Advertisment

এই দুই যুৱকে AS 07-9229 নম্বৰৰ যাত্ৰী বাহী বাছত গাঞ্জা খিনি লৈ বিশ্বনাথলৈ আনি থকা সময়তে সাধাৰুত আৰক্ষীৰ বিশেষ দলটোৱে জব্দ কৰে গাঞ্জাখিনি।প্ৰাপ্ত তথ্য অনুসৰি ৰৌতাৰ চন্দন নামৰ লোকজনে যোগান ধৰিছিল জব্দকৃত গাঞ্জাখিনি। আৰক্ষীয়ে ইতিমধ্যে ধৃত দুই সৰবৰাহকাৰীক সোধা-পোছা অব্যাহত ৰাখিছে।

Also Read: হ্ৰাস পাইছে জনসংখ্যা! চৰকাৰৰ নতুন পন্থা...

biswanath