জোনাইত অতিৰিক্ত উপায়ুক্ত উৎপল দলেক বিদায় সম্বৰ্ধনা...

উৎপল দলেয়ে ৩০ অক্টোবৰত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিব

author-image
Asomiya Pratidin
New Update
জোনাইত অতিৰিক্ত উপায়ুক্ত উৎপল দলেক বিদায় সম্বৰ্ধনা...

ADC JONAI

ডিজিটেল সংবাদ, জোনাইঃ ধেমাজি জিলাৰ ভূমি ৰাজহ বিভাগৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলেক বৃহস্পতিবাৰে জোনাই গাঁও প্ৰধান কাৰ্যালয়ত বিভিন্ন সংগঠনে বিদায় সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে ধেমাজি জিলাৰ ভূমি ৰাজহ বিভাগৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলেয়ে ৩০ অক্টোবৰত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিব।

এই উপলক্ষে বৃহস্পতিবাৰে জোনাই গাঁও প্ৰধান কাৰ্যালয়ত জোনাই ৰাজহ চক্ৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী, জোনাই গাঁও প্ৰধান সংস্থা, জোনাই জিলা ট্ৰাইবেল সংঘ আদি ধেমাজি জিলাৰ ভূমি ৰাজহ বিভাগৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলেক বিদায় সম্বৰ্ধনা জনায়।

সম্বৰ্ধনা অনুষ্ঠান জোনাই গাঁও প্ৰধান সংস্থাৰ সভাপতি যুদ্ধে পায়েং, জোনাই জিলা ট্ৰাইবেল সংঘৰ সম্পাদক পদ্মেশ্বৰ দলে আদিৰ লগতে বহু গৰাকী গাঁও প্ৰধান আৰু নাগৰিক ৰাইজে উপস্থিত থাকে।

jonai