/asomiyapratidin/media/media_files/2025/06/02/aii6HAk1qTuckvtFgSq1.jpeg)
ডিজিটেল ডেস্কঃ এছিয়ান ডেভেলপমেণ্ট বেংকৰ সভাপতি মাছাটো কাণ্ডাই ঘোষণা কৰে যে এডিবিয়ে পাঁচ বছৰৰ ভিতৰত ভাৰতীয় নগৰ আন্তঃগাঁথনিত ১০ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব। এডিবিৰ সভাপতি হোৱাৰ পাছত আনুষ্ঠানিক ৰাজ্যিক ভ্ৰমণ উপলক্ষে বিগত সপ্তাহত ভাৰতলৈ আহিছিল মাছাটো কাণ্ডা। সেই সময়তে এই ঘোষণা কৰে কাণ্ডাই।
এডিবিৰ এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি, এই বিনিয়োগৰ লক্ষ্য হৈছে মেট্ৰ’ সম্প্ৰসাৰণ, নতুন আঞ্চলিক ৰেপিড ট্ৰেনজিট চিষ্টেম (আৰ আৰ টি এছ) কৰিডৰ আৰু নগৰীয়া সেৱাকে ধৰি সমগ্ৰ ভাৰতৰ নগৰীয়া আন্তঃগাঁথনি ৰূপান্তৰিত কৰা।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰাৰ পিছত মিষ্টাৰ কাণ্ডাই কয় যে , “চহৰসমূহ বৃদ্ধিৰ ইঞ্জিন। এডিবিয়ে মূলধন সংগঠিত কৰিব, ডেলিভাৰী ত্বৰান্বিত কৰিব, আৰু এনে সমাধানৰ পৰিসৰ বৃদ্ধি কৰিব যিয়ে ভাৰতৰ নগৰীয়া অৰ্থনীতিক গতিশীল কৰি ৰাখিব আৰু বিকশিত ভাৰত ২০৪৭ৰ পথত মানুহক সমৃদ্ধিশালী কৰি ৰাখিব।”
লক্ষ্যণীয় যে,এই প্ৰস্তাৱিত পুঁজিসমূহৰ ভিতৰত আছে ৰাষ্ট্ৰীয় ঋণ, ব্যক্তিগত খণ্ডৰ বিত্তীয় সাহায্য, আৰু তৃতীয় পক্ষৰ মূলধন, যাৰ নেতৃত্বত আছে আৰ্বান চেলেঞ্জ ফাণ্ড (ইউচিএফ), যিটো ২০২৫ চনৰ কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা চৰকাৰী পদক্ষেপ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us