সংবাদ জগতত প্ৰৱেশ! ২৯৪ কোটি টকাৰ বিনিময়ত এন ডি টিভিৰ ২৯.১৮ শতাংশ ক্ৰয় কৰিলে আদানীয়ে…

সংবাদ জগতত প্ৰৱেশ! ২৯৪ কোটি টকাৰ বিনিময়ত এন ডি টিভিৰ ২৯.১৮ শতাংশ ক্ৰয় কৰিলে আদানীয়ে…

author-image
asomiyapratidin
New Update
সংবাদ জগতত প্ৰৱেশ! ২৯৪ কোটি টকাৰ বিনিময়ত  এন ডি টিভিৰ ২৯.১৮ শতাংশ ক্ৰয় কৰিলে আদানীয়ে…

ডিজিটেল ডেস্ক: দেশৰ আগশাৰী ৰাষ্ট্ৰীয় টেলিভিছন চেনেস এন ডি টিভিৰ ২৯.১৮ শতাংশ ক্ৰয় কৰি সংবাদ জগতত প্ৰৱেশ কৰিলে প্ৰখ্যাত উদ্যোগপতি গৌতম আদানীয়ে। এন ডি টিভিৰ ২৯.১৮ শতাংশ অংশীদাৰিত্ব আদানী মালিকাধীন এ এম জি মিডিয়া নেটৱৰ্কচে ২৯৪ কোটি টকাৰ বিনিময়ত ক্ৰয় কৰিছে।

এই খবৰৰ পাছতেই দেশৰ সংবাদ জগতত চাঞ্চল্যৰ সৃষ্টি হৈছে।এই সন্দৰ্ভত এন ডি টিভিৰ প্ৰতিষ্ঠাপক প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়ে কয় যে তেওঁলোকৰ পূৰ্ব অুমতি অবিহনে বিশ্বপ্ৰধান কমাৰ্চিয়েল প্ৰাইভেট লিমিটেডৰ হাতত থকা ২৯.১৮ শতাংশ শ্বেয়াৰ বিক্ৰী কৰা হৈছে।

উল্লেখ্য যে, আন ২৬ শতাংশৰ ওপৰতো চকু আছে আদানী গ্ৰুপৰ। গতিকে এয়া ক্ৰয় কৰিব পাৰিলে এন ডি টিভিৰ ৫৫ শতাংশ ক্ৰয় কৰিব পাৰিব।

আৰু পঢ়ক: পিষ্টল সহ দুৰ্ধৰ্ষ ডকাইত আটক

NDTV GAUTAM adani