Jagannath Rath Yatra: ৪০লাখ ভক্তৰ বাবে খোৱা সকলো সামগ্ৰী বিনামূলীয়া...

আৰম্ভ হৈছে পুৰীৰ জগন্নাথ ৰথ যাত্ৰাৰ। ২৭জুনৰ পৰা ৮জুলাইৰ লৈকে চলিব লগা এই যাত্ৰাত সমাগম ঘটিব লক্ষাধিক ভক্তৰ। ইতিমধ্য জগন্নাথ মন্দিৰৰ প্ৰাঙ্গণত লাখ লাখ ভক্তই ভিৰ কৰিছেহি।

author-image
Asomiya Pratidin
New Update
biuus

ডিজিটেল ডেস্কঃ আৰম্ভ হৈছে পুৰীৰ জগন্নাথ ৰথ যাত্ৰাৰ। ২৭জুনৰ পৰা ৮জুলাইৰ লৈকে চলিব লগা এই যাত্ৰাত সমাগম ঘটিব লক্ষাধিক ভক্তৰ। ইতিমধ্য জগন্নাথ মন্দিৰৰ প্ৰাঙ্গণত লাখ লাখ ভক্তই ভিৰ কৰিছেহি।

এই জগন্নাথ ৰথ যাত্ৰাৰ বাবে পুৰীৰ বহু স্থানত খাদ্যৰ বিপণী স্থাপন কৰিছে আদানী গ্ৰুপে। ভক্ত আৰু চৰকাৰী আৰক্ষী-কৰ্মচাৰীসকলৰ বাবে এই বিপনীত খাদ্যৰ লগতে শীতল পানীয়ৰ ব্যৱস্থা কৰিছে আদানী গ্ৰুুপে।

গৌতম আদানীৰ নিৰ্দেশত এই সমগ্ৰ কাম কৰা হৈছে বুলি জানিব পৰা গৈছে। প্ৰায় ৪০লাখ লোকৰ বাবে পুষ্টিকৰ খাদ্য যোগাৰ কৰিছে আদানীয়ে। এই সকলো খাদ্যৰ বিপনীতে ভক্তৰ বাবে বিনামূলীয়াকৈ ৰখা হৈছে ক'লড্ৰিংকছো। 

কেৱল এয়াই নহয় প্ৰশাসনৰ সৈতে মিলি চাফাই কৰ্মচাৰীসকলক সুৰক্ষা জাকেট, টি-চাৰ্ট আৰু ভক্তৰ মাজত বিনামূলীয়াকৈ ছাতি,ৰেইনকোটৰ ব্যৱস্থাও কৰিছে আদানী গ্ৰুপে। 

গৌতম আদানী পুৰীৰ ৰথ যাত্ৰা