/asomiyapratidin/media/media_files/2025/07/27/ap-for-web-roki-2025-07-27-23-10-31.jpg)
ডিজিটেল সংবাদ , নগাঁও : ৰাজ্যখনত চলি থকা ব্যাপক উচ্ছেদ অভিযানৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিছে ধুবুৰীৰ সাংসদ তথা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইন। দেওবাৰে হুছেইনে নগাঁৱৰ বাসভৱনত অনুষ্ঠিত কৰা এক সংবাদমেলত কয়,"মুখ্যমন্ত্ৰী জন কঠোৰ অন্তৰৰ লোক। তেওঁৰ অভিপ্ৰায় সৎ নহয়। এইয়া তেওঁ নিৰ্বাচনত জিকাৰ শেষ প্ৰচেষ্টা। ক্ষমতাৰ বাবে তেওঁ যিকোনো পৰ্যায়লৈকে যাব পাৰে।"
উচ্ছেদৰ প্ৰসঙ্গতে তেওঁ কয়,"তেওঁ সাময়িক ভাৱে কিছু সফলতা অৰ্জন কৰিব পাৰে। কিন্তু ৰাইজৰ চকুত ধৰাও পৰিছে।উচ্ছেদিত মাটি বোৰতো তেওঁ কোনো থলুৱা ভূমিপুত্ৰক নিদিয়ে।এই মাটি যে আদানী -আম্বানিক দিব সেই কথা দুদিন পিছত হ'লেও ৰাইজে বুজি উঠিব।
উচ্ছেদ কৰা মাটি আদানী -আম্বানিক দিলে আমাৰ থলুৱা মানুহৰ কি লাভ হ'ব। এইবোৰ ৰাইজে পৰ্যালোচনা নকৰিব নেকি? মুখ্যমন্ত্ৰীৰ এই কথাবোৰ বুমেৰাং হ'ব। তেওঁ যি ডাল অস্ত্ৰ ওপৰলৈ এৰিছে সেই ডাল তেওঁৰ গাতেই পৰিব।" গৰুচোৰ প্ৰসঙ্গ তল পেলাবলৈকে মুখ্যমন্ত্ৰীয়ে ইচ্যু ডাইভাৰ্ট কৰিবলৈ এইবোৰ কৰি আছে বুলিও সাংসদ হুছেইনে কয়।
মুখ্যমন্ত্ৰীৰ খিলঞ্জীয়া প্ৰেম কেৱল দেখাবলৈহে বুলি কটাক্ষ কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা সাংসদ হুছেইনে কয়,"খিলঞ্জীয়া প্ৰেম থকা হ'লে তেওঁ জনজাতীয় খিলঞ্জীয়া লোক এজনক আঁতৰাই নিজে মুখ্যমন্ত্ৰী নহয়। তেওঁ ভূমিপুত্ৰ এজনক মুখ্যমন্ত্ৰী পদ এৰি দিয়ক। আজি তেওঁ ডিব্ৰুগড়ত ৰাজনীতি কৰিব গৈছে। তেওঁৰ অভিপ্ৰায় মানুহে বুজি পোৱা নাই নেকি। সেই ফালৰ এজন জনজাতীয় লোকক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰোৱাৰ পাছত এতিয়া মলম লগাব বিচাৰিছে। উজনিৰ মানুহে তেওঁক ঠিকেই বুজিছে,সময়ত উত্তৰ দিব।"
ডিমা হাছাও জিলাত ৯হেজাৰ বিঘা মাটি আদানিৰ পুত্ৰক আৰু কাৰ্বি-আংলং জিলাৰ এঘাৰ হেজাৰ আৰু ১৪হেজাৰ বিঘা মাটি আম্বানীক দিবলৈ ওলাইছে বুলিও সাংসদ হুছেইনে অভিযোগ উত্থাপন কৰে। এনে কৰিলে পৰৱৰ্তী কালত এতিয়াৰ ডি চি জন আইনী জঞ্জালত পৰিব বুলিও তেওঁ সতৰ্ক কৰি দিয়ে।
অসমত এজন জনজাতীয় মুখ্যমন্ত্ৰী বিচৰাৰ কথা সদৰী কৰি সাংসদ হুছেইনে কয়,"মুখ্যমন্ত্ৰী জনৰ ইমানেই যদি জনজাতীয় প্ৰেম আছে তেওঁ অসমত জনজাতীয় লোক এজনক চি এম দিব লাগে বুলি কওক ।ময়ো ৰাজহুৱাকৈ আদৰণি জনাম।"