ডিজিটেল সংবাদ,জামুগুৰিহাটঃ শতবৰ্ষ গৰকা জামুগুৰিহাটৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ উদযাপনৰ প্ৰথম দিনৰ কাৰ্যসূচী শনিবাৰে নিশা ভাওনা প্ৰদৰ্শনৰে সামৰণি পৰে৷ ভাওনাত জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তৰ অভিনয় চাবলৈ নিশা হাজাৰ হাজাৰ দৰ্শকৰ ভীৰ কৰে ।
"দ্ৰৌপদীৰ বস্ত্ৰহৰণ আৰু কুৰুক্ষেত্ৰ ৰণ” শীৰ্ষক নাটৰ ভাওনাত অভিনেত্ৰী গায়ত্ৰী মহন্তই অভিনয় কৰিছিল দ্ৰৌপদীৰ চৰিত্ৰত৷ সুন্দৰ সাৱলীল অভিনয়ৰে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হয় অভিনেত্ৰীগৰাকী ।
কেৱল গায়ত্ৰী মহন্তই নহয় বিদ্যালয়খনত অধ্যয়নৰত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা পৰিবেশিত ভাওনাভাগেও একপ্ৰকাৰ দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হয়৷