আই চি ইউত চিকিৎসাধানী অসমীয়া ছবিজগৰত মহীৰূহ নিপন গোস্বামী...

author-image
Asomiya Pratidin
New Update
আই চি ইউত চিকিৎসাধানী অসমীয়া ছবিজগৰত মহীৰূহ নিপন গোস্বামী...

nipon goswami

ডিজিটেল ডেস্কঃ অসমীয়া বোলছবি জগতৰ খ্যতনামা অভিনেতা , কেইবাটাও প্ৰজন্মৰ আদৰ্শস্বৰূপ নিপন গোস্বামী অসুস্থ। বৰ্ষীয়ান অভিনেতাগৰাকী অসুস্থ হৈ পৰাত সোমবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Advertisment

ইফালে অভিনেতাগৰাকীৰ স্বাস্থ্য অধিক জটিল হৈ পৰাত তেওঁক সোমবাৰেই আই চি ইউত ভৰ্তি কৰোৱা হয়। শ্বাস প্ৰশ্বাসৰ সমস্যাৰ ভোগা প্ৰবীণ অভিনেতাগৰাকী দীৰ্ঘদিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল।

আজি তেওঁৰ কেইবাটাও কেইবাটাও গুৰুত্বপূৰ্ণ স্বাস্থ্যৰ পৰীক্ষা কৰোৱা হ'ব। ইফালে অসমীয়া ছবিজগতৰ মহীৰূহ স্বৰূপ অভিনেতাগৰাকীৰ অসুস্থতাৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ গুণমুগ্ধসকলে দ্ৰুত আৰোগ্য কামনাৰে প্ৰাৰ্থনা কৰিছে।

nipon goswami