ছ’চিয়েল মিডিয়াত বিতৰ্কিত পোষ্ট দি গ্ৰেপ্তাৰ অভিনেতা কে.আৰ.কে….

ছ’চিয়েল মিডিয়াত বিতৰ্কিত পোষ্ট দি গ্ৰেপ্তাৰ অভিনেতা কে.আৰ.কে….

author-image
asomiyapratidin
New Update
ছ’চিয়েল মিডিয়াত বিতৰ্কিত পোষ্ট দি গ্ৰেপ্তাৰ অভিনেতা কে.আৰ.কে….

ডিজিটেল জেস্ক : অভিনেতা কমল আৰ খানক মঙলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। মালাড আৰক্ষীয়ে মঙলবাৰে পুৱা মুম্বাইৰ বিমান বন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰে অভিনেতা কে.আৰ.কেক। আৰক্ষীৰ তথ্য অনুসৰি অভিনেতা কমল আৰ খানে যোৱা দুছৰৰ পূৰ্বে ছ'চিয়েল মিডিয়াত এটা বিতৰ্কিত পোষ্ট কৰিছিল।

Advertisment

২০২০ চনতে কৰা এই বিতৰ্কিত পোষ্টতোৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৰ্মৰ ক্ষেত্ৰত বিবাদৰ সৃষ্টি হোৱা এক পোষ্ট কৰিছিল টুইটাৰত। যুৱ সেনাৰ সদস্য ৰাহুল কনালে অভিনেতা গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

হিন্দী চিনেমা জগতৰ চিৰসেউজ অভিনেতা ৰিচি কাপোৰ আৰু ইৰফান খানৰ লৈ এক বিতৰ্কিতমূলত মন্তব্য কৰিছিল। ২০২০ চনতেই দাখিল কৰা হৈছিল এজাহাৰ। মালাড আৰক্ষীয়ে কে.আৰ.কেক আজি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু মুম্বাইৰ ব'ৰীভালি আদালত হাজিৰ কৰোৱা হয় অভিনেতা কমল আৰ খানক।

mumbai india indian police