/asomiyapratidin/media/media_files/2025/03/28/t9yl1rYdgVpImSrfKVJ8.jpg)
ডিজিটেল সংবাদ, ডিব্ৰুগড় : ডিব্ৰুগড় জিলাৰ পশ্চিম প্ৰান্তৰ বৃহত্তৰ খোৱাং অঞ্চলৰ সাংস্কৃতিক জগতখনৰ পুৰোধা ব্যক্তি তথা অভিনেতা চেনীৰাম বুঢ়াগোহাঁই আৰু নাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ।
পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, অভিনেতাগৰাকী বিগত দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল । খোৱাঙৰ সৰগফলা গোঁহাই গাঁৱৰ নিজা বাসগৃহত বৃহস্পতিবাৰে বিয়লি প্ৰায় ২-৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ ।
উল্লেখযোগ্য যে, নাট্য সাধনাক জীৱনৰ ব্ৰতৰূপে গ্ৰহণ কৰি অহা চেনীৰাম বুঢ়াগোহাঁইৰ মৃত্যুত সমগ্ৰ খোৱাং অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে । অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অজস্ৰ গুণমুগ্ধৰে ভৰি পৰে তেওঁৰ বাসগৃহ ।
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, কেৱল অভিনেতাৰূপে নহয়, সাংস্কৃতিক কৰ্মী তথা সংগঠকৰূপেও সমগ্ৰ খোৱাং অঞ্চলৰ সাংস্কৃতিক উত্তৰণত ওৰেজীৱন অনন্য ভূমিকা গ্ৰহণ কৰি আহিছিল এইগৰাকী শিল্পীয়ে । মঞ্চসফল বহু নাটকত নিজৰ অভিনয় দক্ষতা প্ৰদৰ্শন কৰি অহা চেনীৰাম বুঢ়াগোহাঁইৰ বিশেষ খ্যাতি আছিল ভাওনাৰ ক্ষেত্ৰত ।
গলগলীয়া কণ্ঠেৰে ৰজা, মহাৰজা আৰু অসুৰৰ ভাও দিয়াত সিদ্ধহস্ত এইগৰাকী শিল্পী আছিল সমগ্ৰ খোৱাং অঞ্চলৰ সাংস্কৃতিকপ্ৰেমীৰ প্ৰাণৰ মানুহ । এইগৰাকী প্ৰচাৰবিমুখ শিল্পীয়ে মৃত্যুৰ সময়ত তেওঁৰ পত্নী পুতলী বুঢ়াগোহাঁই , এজন পুত্ৰ, চাৰিগৰাকী কন্যা, দুগৰাকী বোৱাৰী আৰু কেইবাটিও নাতি-নাতিনী ইহ সংসাৰত এৰি থৈ যায় ।