সামাজিক মাধ্যমত ৰাষ্ট্ৰ বিৰোধী তথা ভুৱা তথ্য প্ৰচাৰ কৰা সকলৰ বিৰুদ্ধে ল’ব ব্যৱস্থা : শক্তিশালী পেনেল গঠন...

অতি শেহতীয়াকৈ এক বৈঠকত বিজেপি সাংসদ নিশিকান্ত ডুবেৰ অধ্যক্ষতা অনুষ্ঠিত হয় যোগাযোগ আৰু তথ্য প্ৰযুক্তিৰ সন্দৰ্ভত এখনি বৈঠক। এই বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা সামাজিক মাধ্যমৰ প্ৰতিটো পোষ্টতে কাঢ়া নজৰ ৰাখিব প্ৰশাসনে।

author-image
Asomiya Pratidin
New Update
সামাজিক মাধ্যমত ৰাষ্ট্ৰ বিৰোধী তথা ভুৱা তথ্য প্ৰচাৰ কৰা সকলৰ বিৰুদ্ধে ল’ব ব্যৱস্থা

সামাজিক মাধ্যমত ৰাষ্ট্ৰ বিৰোধী তথা ভুৱা তথ্য প্ৰচাৰ কৰা সকলৰ বিৰুদ্ধে ল’ব ব্যৱস্থা

ডিজিটেল ডেস্ক : পেহেলগামৰ ঘটনাৰ পাছৰে পৰা কেন্দ্ৰীয় চৰকাৰে লৈছে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অনুষ্ঠিত হৈছে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকসমূহত বিভিন্ন বিষয়ক লৈ গ্ৰহণ কৰা হৈছে কেতবোৰ সিদ্ধান্ত।

Advertisment

সামাজিক মাধ্যমৰ ক্ষেত্ৰতো কঠোৰতা অৱলম্বন কৰিছে কেন্দ্ৰীয় চৰকাৰে। অতি শেহতীয়াকৈ এক বৈঠকত বিজেপি সাংসদ নিশিকান্ত ডুবেৰ অধ্যক্ষতা অনুষ্ঠিত হয় যোগাযোগ আৰু তথ্য প্ৰযুক্তিৰ সন্দৰ্ভত এখনি বৈঠক। এই বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা সামাজিক মাধ্যমৰ প্ৰতিটো পোষ্টতে কাঢ়া নজৰ ৰাখিব প্ৰশাসনে।

ৰাষ্ট্ৰ বিৰোধী পোষ্ট নাইবা উচটনিমূলক মন্তব্য আদিৰ ক্ষেত্ৰত কঠোৰ হ’ব চৰকাৰ তথা প্ৰশাসন। ইতিমধ্যে সৰ্বসন্মতি মৰ্মে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰা হৈছে। উল্লেখযোগ্য যে, দেশৰ প্ৰভাৱশালী ব্যক্তি তথা সামাজিক মাধ্যমত যিসকলে সঘনাই সৃজনীমূলক লেখা- মেলা কৰে তেওঁলোকৰ পোষ্টসমূহত অধিক গুৰুত্ব দিব মন্ত্ৰালয়ে।

যাতে কোনোৱে ৰাষ্ট্ৰ বিৰোধী অথবা উচটনিমূলক লেখা পোষ্ট আপলোড কৰিব নোৱাৰে তাৰ বাবে সকলোকে সতৰ্ক কৰি দিছে মন্ত্ৰালয়ে। এই সমূহ তদাৰক কৰাৰ বাবে ৫মে’ ২০২৫ সোমবাৰে এখন উচ্চস্তৰীয় পেনেল গঠন কৰি দিয়া হৈছে। এই পেনেলে সকলো তদাৰক কৰাৰ উপৰি পেলেলক প্ৰতিবেদন দাখিল কৰিব লাগিব বুলি স্পষ্টভাৱে প্ৰস্তাৱ গ্ৰহণ কৰে বৈঠকত।

উল্লেখযোগ্য যে, সমিতিয়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ লগতে ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়লৈ পত্ৰ লিখি তথ্য প্ৰযুক্তি আইন, ২০০০, আৰু তথ্য প্ৰযুক্তি (মধ্যস্থতাকাৰী নিৰ্দেশিকা আৰু ডিজিটেল মিডিয়া নৈতিকতা সংহিতা) নিয়ম, ২০২১ৰ অধীনত “চিন্তিত ব্যৱস্থা” সম্পৰ্কে এক বিস্তৃত প্ৰতিবেদন বিচাৰিছে। মন্ত্ৰালয়সমূহক ৮ মে’ৰ ভিতৰত সঁহাৰি দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

প্ৰণিধানযোগ্য যে, পেহেলগামৰ ঘটনাৰ পাছৰে পৰা একাংশ ডিজিটেল ক্ৰিয়েটৰ তথা সামাজিক মাধ্যমত অতি সক্ৰিয় ব্যক্তিয়ে এই ঘটনাক লৈ বিভন্ন ধৰণৰ ভুৱা পোষ্ট আপলোড কৰিছিল। যিয়ে সাধাৰণ লোকসকলৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিছিল।

তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই শেহতীয়াকৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে বৈঠকত। তাৰোপৰি সামাজিক মাধ্যমে যাতে কোনো লোকক বিপথে পৰিচালিত কৰিব নোৱাৰে সেয়াও এই পেনেল প্ৰস্তুত কৰাৰ আন এক কাৰণ।

social media