/asomiyapratidin/media/media_files/2025/05/23/Gd1nJDG3op1PmeEGZO2W.jpg)
ডিজিটেল ডেস্ক : সাংসদ পুঁজিৰ কেলেংকাৰীৰ ঘটনাৰে নাম সাঙোৰ খোৱা এ চি এছ বিষয়া শৰ্মিষ্ঠা বৰাক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। তাৰোপৰি এই ঘটনাৰে অভিযুক্ত আন ৩গৰাকী বিষয়াক নিলম্বন কৰা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ ধনৰ কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী শাখাই অভিযান চলাছিল। এই অভিযানৰ অন্তত শৰ্মিষ্ঠা বৰাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সত্য প্ৰমাণিত হোৱাত বিষয়াগৰাকীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ নিৰ্দেশ জাৰি কৰা হয়।
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, দুৰ্নীতিৰ গুৰুতৰ অভিযোগত অভিযুক্ত এ চি এছ বিষয়া বৰাক ঘটনা সম্পৰ্কত পূৰ্বে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছিল। একে সময়তে তেওঁৰ বিৰুদ্ধে চলি আছিল বিভাগীয় তদন্ত। ইয়াৰ পাছতে শৰ্মিষ্ঠা বৰাই কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ দিয়ে যদিও তেওঁৰ উত্তৰত পতিয়ন নগৈ তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়।