ডিজিটিল সংবাদ, ধেমাজি: অসম চৰকাৰৰ ব্যক্তিগত বিভাগৰ আয়ুক্ত সচিব এম.এচ মনিবন্ধনৰ এক আদেৰ্শ মৰ্মে সোমবাৰে ধেমাজি মহকুমাধিপতি নন্দিতা ৰয় গোহাঁইক চাকৰিৰ পৰা নিলম্বন কৰা হয় ৷ অসম চৰকাৰৰ ব্যক্তিগত বিভাগীয় ৱেবছাইটত দিয়া আদেশ অনুসৰি ২০১৭ চনৰ ৯ ডিচেম্বৰত তিনিচুকীয়া জিলাত ৰাজহ চক্ৰ বিষয়া হৈ থাকোতে ACS বিষয়া নন্দিতা ৰয় গোহাঁইয়ে প্ৰকৃত মাটি মালিকৰ পট্টাৰ ৰেকৰ্ড জালিয়াতি কৰা অভিযোগত তাৎক্ষণিকভাৱে কাৰ্য্যকৰী হোৱাকৈ চৰকাৰে নিলম্বন কৰিছে।
ৱেবছাইটত, অসম চৰকাৰৰ ব্যক্তিগত বিভাগৰ আয়ুক্ত-সচিবৰ আদেশত উল্লেখ থকা অনুসৰি ৰমেশ
কুমাৰ জালান নামৰ লোকজনে তিনিচুকীয়া প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালতত ৰোজুৰ হোৱা চি আৰ ৪৯/ ২০১৮ নম্বৰ গোচৰত ধনয়কান্ত বৰা আৰু অন্যান্যৰ লগতে তদানীন্তন ৰাজহ চক্ৰ বিষয়া নন্দিতা ৰয় গোহাঁইৰ বিৰুদ্ধে জালিয়াতি কৰা অভিযোগত এহাজাৰ দাখিল কৰিছিল ৷
পৰৱৰ্তী সময়ত আদালতত হোৱা সাক্ষীবাদী প্ৰমানৰ অন্তত অনিয়ম সংঘটিত হোৱা পোহৰলৈ অহাৰ পিছতেই আদালতে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক নিৰ্দেশ দিছিল ৷ ৱেবছাইটত দিয়া নিৰ্দেশনাত অসম চৰকাৰৰ মহা একাউণ্টন্টেন্ট জেনেৰেটৰ গুৱাহাটী, অসম প্ৰশাসনিক ন্যায়াধিকৰণ অসম ৰাজহ ব'ৰ্ড গুৱাহাটীৰ অধ্যক্ষ, অসম ৰাজ্যিক বিদ্যুৎ ব'ৰ্ড গুৱাহাটীৰ অধ্যক্ষ,অসম চৰকাৰৰ সচিবালয়ৰ প্ৰধান সচিব সকল আৰু আয়ুক্ত-সচিব সকল, মুখ্য নিৰ্বাচনী বিষয় অসম দিছপুৰ,অসম চৰকাৰৰ আবাসী আয়ুক্ত অসম হাউচ নতুন দিল্লী, অতিৰিক্ত মুখ্য মন্ত্ৰীৰ মুখ্য সচিব অসম চৰকাৰ, অসমৰ ৰাজ্যপালৰ সচিব গুৱাহাটী,অসম বিধান সভাৰ সচিব দিছপুৰ অসম, স্বায়ত্ত্বশাসিত পৰিষদ সমূহৰ সকলো প্ৰধান সচিব অসম, সকলো জিলা আয়ুক্ত আৰু মহকুমাৰ বিষয়া অসম, কোষাগাৰ বিষয়া ধেমাজি, অসম সচিবালয়ৰ সকলো বিভাগৰ, মন্ত্ৰী, ব্যক্তিগত সচিব অসমৰ মন্ত্ৰী, ৰাজ্য মন্ত্ৰীলৈকে ধৰি বিভাগীয় মুৰব্বী সকলোলৈকে এই নিৰ্দেশনা প্ৰতিলিপি প্ৰেৰণ কৰিছে ৷