গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনৰ ছাত্ৰীৰ কৃতিত্ব

চলিত বৰ্ষৰ ২৫ মাৰ্চত ডাক বিভাগে ঘোষণা কৰা চিঠি লেখা প্ৰতিযোগিতাৰ ফলাফলত শৈক্ষিক প্ৰতিষ্ঠানখনৰ দ্বাদশ শ্ৰেণীৰ কলা শাখাৰ ছাত্ৰী দিব্যাংগনা শৰ্মাই উত্তৰ- পূৰ্বাঞ্চল শাখাত অসমৰ হৈ প্ৰথম স্থান লাভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হৈছে ।

author-image
Asomiya Pratidin
New Update
গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনৰ ছাত্ৰীৰ কৃতিত্ব

গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনৰ ছাত্ৰীৰ কৃতিত্ব

ডিজিটেল সংবাদ, ছয়দুৱাৰ : উত্তৰ অসমৰ অন্যতম আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান শংকৰদেৱ শিক্ষা নিকেতন, গহপুৰৰ মেধাৱী ছাত্ৰী দিব্যাংগনা শৰ্মাই ভাৰত চৰকাৰৰ ডাক বিভাগে অনুষ্ঠিত কৰা চিঠি লেখা প্ৰতিযোগিতা(২০২৪-২৫বৰ্ষ)ত অংশগ্ৰহণ কৰি বিশেষ কৃতিত্ব অৰ্জন কৰিছে। সেই অনুসৰি চলিত বৰ্ষৰ ২৫ মাৰ্চত ডাক বিভাগে ঘোষণা কৰা চিঠি লেখা প্ৰতিযোগিতাৰ ফলাফলত শৈক্ষিক প্ৰতিষ্ঠানখনৰ দ্বাদশ শ্ৰেণীৰ কলা শাখাৰ ছাত্ৰী দিব্যাংগনা শৰ্মাই উত্তৰ- পূৰ্বাঞ্চল শাখাত অসমৰ হৈ প্ৰথম স্থান লাভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হৈছে।

Advertisment

"Important Of Letters In a Digital Age" শীৰ্ষক বিষয়ৰ সন্দৰ্ভত অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতাৰ ১৮ বছৰ বয়সৰ শাখাত অসমৰ হৈ প্ৰথম স্থান লাভ কৰাৰ কাৰণে শুকুৰবাৰে তেওঁক ভাৰত চৰকাৰৰ ডাক বিভাগৰ দৰং ডাক সংমণ্ডলে নগদ ২৫ হাজাৰ টকা পুৰস্কাৰ হিচাপে আগবঢ়াই উৎসাহিত কৰে। দিব্যাংগনাই অসম ভিত্তিত নাম ৰাখি শংকৰদেৱ শিক্ষা নিকেতন, গহপুৰলৈ গৌৰৱ কঢ়িয়াই অনাত তেওঁক শংকৰদেৱ শিক্ষা নিকেতনৰ সভাপতি উদয় আদিত্য গোস্বামী, উপ সভাপতি উজ্বল গোস্বামী আৰু অধ্যক্ষ জয়ন্ত শইকীয়াৰ লগতে সমূহ শিক্ষক-শিক্ষয়িত্ৰীয়ে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।

এইক্ষেত্ৰত দিব্যাংগনা শৰ্মাই শংকৰদেৱ শিক্ষা নিকেতনৰ পৰা লাভ কৰি অহা শৈক্ষিক সুবিধা আৰু সহযোগিতাক অকপটে স্বীকাৰ কৰি তেওঁৰ এই প্ৰাপ্তিৰ আঁৰত বিদ্যালয়খনৰ অৱদান যথেষ্ট বুলি উল্লেখ কৰে।

গহপুৰ