/asomiyapratidin/media/media_files/2025/01/06/IsbIkZHR84C833aV60JM.jpg)
Court's temporary relief to 5 accused
ডিজিটেল সংবাদ, ঢকুৱাখনা : ৰাজ্য জোকাৰি যোৱা শংকৰদেৱ শিশু নিকেতন, ঢকুৱাখনাৰ প্ৰধান আচাৰ্য বনমালি সূতৰ আত্মহত্যা কাণ্ডই সোমবাৰে ১০ টা দিনত ভৰি দিলে । ঢকুৱাখনাৰ শৈক্ষিক ক্ষেত্ৰখনৰ এগৰাকী আত্মোৎস্বৰ্গী শিক্ষাবিদ , ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এগৰাকী বৰিষ্ঠ সদস্য অমায়িক বনমালি সূতৰ আত্মহত্যাৰ আঁৰত এটা শক্তিশালী ষড়যন্ত্ৰকাৰী চক্ৰ জড়িত থকাৰ অভিযোগ উত্থাপন কৰি মৃতকৰ পত্নীয়ে সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল ।
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে এজাহাৰত মূল অভিযুক্ত হিচাপে যোগেশ বৰুৱাক চিহ্নিত কৰি মূল ১৮ জনৰ বিৰুদ্ধে গোচৰ তৰিছিল । তাৰেই আলমত ইতিমধ্যে ঢকুৱাখনা আৰক্ষীয়ে মূল অভিযুক্ত যোগেশ বৰুৱা(ধনকণ)ৰ লগতে প্ৰিয়ৰাম ফুকন আৰু নৱ কোঁৱৰক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছিল ।
আৰক্ষীয়ে উক্ত ঘটনাৰ সতে জড়িত অন্য সকলক বিচাৰি সন্ধান চলাই থকা সময়তে সোমবাৰে আৰক্ষীয়ে অন্যতম অভিযুক্ত তৰুণ চেতিয়াক আটক কৰি জেৰা চলায় । ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা চেতিয়াৰ নাম ঘটনাৰ সৈতে সাঙোৰ খোৱা আৰু আৰক্ষীৰ জেৰাৰ সন্মুখীন হোৱাৰ দৰে সন্মানহানিকৰ কাৰ্যই ঢকুৱাখনা কংগ্ৰেছৰ মজিয়াত প্ৰবল প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটাইছে।
দলীয় শীর্ষ নেতৃত্ব লৈ এনে নিৰ্মম কাণ্ডৰ সৈতে জড়িত হোৱাৰ পাছত উদ্ভৱ হোৱা ব্যাপক জন প্ৰতিবাদৰ পাছত বিভিন্ন সংগঠনে এনেবোৰ অভিযুক্তক দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ ঢৌ উঠিছিল । কিন্তু এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নেতৃত্বই ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে অদ্যপি ভিজা মেকুৰীৰ ভাও লৈ অহাত দলৰে মজিয়াত তীব্ৰ ক্ষোভ অসন্তুষ্টিৰ সূত্ৰপাত ঘটাইছে ।
জিলা কংগ্ৰেছৰ এইক্ষেত্ৰত দায়িত্বহীন ভূমিকাকলৈ নাৰাজ তৃণমূলৰ নেতা কৰ্মী । ন্যায্যকামী ৰাইজ আৰু দুৰ্ভগীয়া পৰিয়ালটোৰ প্ৰতি গুৰুত্বহীন ভূমিকা লোৱা জিলা কংগ্ৰেছৰ এনে উদাসীন স্থিতিৰ বাবেই অনাগত সময়ত দলে ৰাইজৰ মাজত মুখ থেকেছা খোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে।
ইপিনে বনমালি সূতৰ আত্মহত্যাৰ ঘটনাৰে নাম সাঙোৰ খোৱা ৫ অভিযুক্তই উচ্চ ন্যায়ালয়ৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভ কৰিবলৈ সক্ষম হৈছে। আদালতে সোমবাৰে নৱনিতা গগৈ, মঞ্জু বানু গগৈ, সৰুজ কুমাৰী গগৈ, হিৰণ্য বৰগোঁহাই, কুমুদ বৰুৱাক আইনী সুৰক্ষা প্ৰদান কৰি নিৰ্দেশনা জাৰি কৰিছে। অন্তৱৰ্তীকালীন জামিন লাভ কৰা এই সকল অভিযুক্তই মঙলবাৰে ঢকুৱাখনা সদৰ থানাত হাজিৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।