/asomiyapratidin/media/media_files/2025/06/20/xcxcxc-2025-06-20-22-13-38.jpg)
জাল নথিৰে পঞ্চায়ত জয়ৰ অভিযোগ
ডিজিটেল সংবাদ, ধুবুৰীঃ সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত ধুবুৰীত জাল চাৰ্টিফিকেট ব্যৱহাৰ কৰি নিৰ্বাচিত হোৱাৰ চাঞ্চল্যকৰ ঘটনা পোহৰ লৈ আহিছে। ধুবুৰীৰ চলাকুৰা জিলা পৰিষদ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা এআইইউডিএফ দলৰ প্ৰাৰ্থী লায়লা বেগমে শিক্ষাগত অৰ্হতা জাল বুলি অভিযোগ তুলিছে কংগ্ৰেছ দলৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীয়ে।
জানিব পৰা মতে, চলাকুৰা জিলা পৰিষদ সমষ্টিৰ পৰা এআইইউডিএফ দলৰ বিজয়ী প্ৰাৰ্থী লায়লা বেগমে তাইৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী ৰফিকুল ইছলামক প্ৰায় দহ হেজাৰ ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল। কিন্তু লায়লা বেগম উচ্চতৰ মাধ্যমিক দুৰৰে কথা হাইস্কুল শিক্ষান্ত পৰীক্ষাও উৰ্ত্তীণ হোৱা নাই বুলি কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে অভিযোগ তুলিছে। শুকুৰবাৰে ধুবুৰী ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ পৰাজিত প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী ৰফিকুল ইছলামে লায়লা বেগমে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ জাল চাৰ্টিফিকেট ব্যৱহাৰ কৰি নিৰ্বাচিত হৈছে বুলি কয়। লগতে ধুবুৰীত জাল চাৰ্টিফিকেটৰ চক্ৰ সক্ৰিয় হৈ থকা বুলিও চাঞ্চল্যকৰ অভিযোগ তুলি চক্ৰটোক উৎখাত কৰাৰ দাবী জনায়।
আনহাতে এ আই ইউ ডি এফ দলৰ বিজয়ী প্ৰাৰ্থী লায়লা বেগমে তেওঁৰ বিৰুদ্ধে উত্থাপিত কৰা অভিযোগ অস্বীকাৰ কৰে। কাৰণ নিৰ্বাচন আয়োগে পৰীক্ষা কৰাৰ পিছত তাই উক্ত অৰ্হতাৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। তেনে ক্ষেত্ৰত জাল চাৰ্টিফিকেট কৰা অভিযোগ ভিত্তিহীন বুলি লায়লা বেগম দাবী কৰিছে। কিন্তু বিদ্যালয়ৰ নাম আৰু কোনখন কেন্দ্ৰত পৰীক্ষা দি হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় উত্তীৰ্ণ হৈছে তাক কব নোৱাৰাটো ৰহস্যৰ সৃষ্টি কৰিছে। সাংবাদিকে বাৰম্বাৰ সোধাৰ পিছতো বিদ্যালয় আৰু পৰীক্ষা কেন্দ্ৰৰ নাম কব নোৱাৰা লায়লা বেগমৰ চাৰ্টিফিকেট "তেওঁৰ লৰাক ঘৰৰ পৰা আনিব দিছে চাৰ্টিফিকেট চাইহে পৰীক্ষা কেন্দ্ৰৰ নাম কব পাৰিব নহলে কিবা ভুল হৈ যাব পাৰে" বুলি কৰা মন্তব্য খলকনিৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে, পঢ়া-শুনা কৰা বিদ্যালয় আৰু কিমান চনত উত্তীৰ্ণ হৈছে সেই কথা কিয় মনত নথকা বুলি লায়লা বেগমে কৰা মন্তব্য ৰহস্য ঘনীভূত হৈ পৰিছে। ইপিনে কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে জিলা আয়ুক্তৰ ওচৰত দাখিল কৰা লিখিত অভিযোগৰ ভিত্তিত নিৰপেক্ষ তদন্ত কৰি যদি জাল চাৰ্টিফিকেট বুলি প্ৰমাণিত হয় তেন্তে ধুবুৰীত জাল চাৰ্টিফিকেটৰ বৃহৎ চক্ৰ উৎখাত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।