কংগ্রেছী গুণ্ডাই বিজেপিৰ প্ৰাৰ্থীক আক্রমণ কৰাৰ অভিযোগ

ধিং সমষ্টিৰ ৰামপুৰত নিৰ্বাচনকেন্দ্ৰিক হিংসাত্মক ঘটনা সংঘটিত হয়। অভিযোগ মতে, কংগ্ৰেছী ভেৰনীয়া গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰি ভাঙে বালিসত্ৰ জিলা পৰিষদৰ বিজেপি দলৰ প্ৰাৰ্থীৰ বাহন।

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল সংবাদ, বটদ্ৰৱা:  ধিং সমষ্টিৰ ৰামপুৰত নিৰ্বাচনকেন্দ্ৰিক হিংসাত্মক ঘটনা সংঘটিত হয়। অভিযোগ মতে, কংগ্ৰেছী ভেৰনীয়া গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰি ভাঙে বালিসত্ৰ জিলা পৰিষদৰ বিজেপি দলৰ প্ৰাৰ্থীৰ বাহন। বিজেপি দলৰ প্ৰাৰ্থী এ. কে. মঃ ছামচুল আলমৰ সমৰ্থক তথা তেখেতৰ সম্বন্ধীয় এগৰাকী ব্যক্তিৰ বাহন ভাঙে কংগ্ৰেছৰ গুণ্ডা বাহিনীয়ে।

Advertisment

 

এজাহাৰ দাখিল
এজাহাৰ দাখিল

 

পাছত ঘটনা সন্দৰ্ভত আতাবুৰ ৰহমান নামৰ এজন লোকে বটদ্ৰৱা আৰক্ষী থানাত মুক্তৰ এহুছেইন, মোজ্জামিল হুছেইন, নুৰ আলম, আবু শ্বৰিপৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে ঘটনাৰ লগত জড়িত কংগ্ৰেছ নেতা মুক্তাৰ হুছেইনক আটক কৰি বৰ্তমান জেৰা অব্যাহত ৰাখিছে।

কংগ্ৰেছ বিজেপি বটদ্ৰৱা