Advertisment

যোৱা বৰ্ষৰ তুলনাত দৰঙত হ্ৰাস পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা..

ৰাজ্যখনত বৰ্ধিত হাৰত সংঘটিত পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাত মৃত্যু আৰু আহতৰ ঘটনাক লৈ সচেতন ৰাইজৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা যথেষ্ট উদ্বিগ্ন হোৱাৰ সময়তে দৰং জিলাত বিগত বর্ষতকৈ চলিত বৰ্ষত এই পৰিসংখ্যা যথেষ্ট পৰিমাণে হ্রাস পাইছে ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,মঙলদৈঃ  বিগত বৰ্ষৰ তুলনাত দৰঙত হ্ৰাস পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা । ৰাজ্যখনত বৰ্ধিত হাৰত সংঘটিত পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাত মৃত্যু আৰু আহতৰ ঘটনাক লৈ সচেতন ৰাইজৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা যথেষ্ট উদ্বিগ্ন হোৱাৰ সময়তে দৰং জিলাত বিগত বর্ষতকৈ চলিত বৰ্ষত এই পৰিসংখ্যা যথেষ্ট পৰিমাণে হ্রাস পাইছে ।

Advertisment

বিভাগীয় তথ্য অনুসৰি জিলাখনত ২০২৩ বৰ্ষৰ পথ দুৰ্ঘটনাৰ সংখ্যাতকৈ ২০২৪ বর্ষত এই সংখ্যা সামগ্রিকভাৱে বহু পৰিমাণে হ্রাস পাইছে। ২৬ ডিচেম্বৰলৈকে উপলব্ধ বিভাগীয় তথ্য মতে, চলিত বর্ষত মুঠ ২৩৬টা পথ দুর্ঘটনা সংঘটিত হয়। ইয়াৰ বিপৰীতে ২০২৩ বর্ষত সংঘটিত পথ দুর্ঘটনা আছিল ৩১১টা।

২০২৪ বর্ষত পথ দুর্ঘটনাত মুঠ ১০৪গৰাকী লোক নিহত হয়। আনহাতে ২০২৩ বৰ্ষত পথ দুৰ্ঘটনাজনিত কাৰণত নিহত লোকৰ সংখ্যা আছিল ১২৯গৰাকী। সেইদৰে দুৰ্ঘটনাত আহতৰ সংখ্যা ২০২৩ বৰ্ষত ২৬২ৰ পৰা ২০২৪ বৰ্ষত ২১৪লৈ হ্রাস পায়।

জিলা পৰিবহণ বিভাগৰ আইন প্ৰৱৰ্তক শাখাৰ বিষয়াসকলে পথৰ ওপৰত যান-বাহন আইন উলংঘাকাৰী গাড়ী চালকৰ বিৰুদ্ধে বিশেষকৈ সুৰাসক্ত আৰু অতি বেগী বাহনৰ চালকৰ বিৰুদ্ধে নতুন প্ৰযুক্তিৰ ব্যৱহাৰেৰে দিনে-নিশাই ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে ।

পথ দুৰ্ঘটনা