Advertisment

ভয়ংকৰ পথ দুৰ্ঘটনাঃ লালমাটিত দ্ৰুতবেগী বাহনৰ খুন্দাত মৃত্যু আৰক্ষী বিষয়া...

মহানগৰীৰ লালমাটিত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগী চুইফট বাহনে মহতিয়াই নিলে স্কুটি চালকক। নিমিষতে চূৰ্ণ বিচুৰ্ণ হৈ পৰে স্কুটিখন। থিতাতে নিহত স্কুতি খনৰ চালক গৰাকী।

author-image
Asomiya Pratidin
New Update
dss
  • মহানগৰীৰ লালমাটিত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • তীব্ৰ বেগী চুইফট বাহনে মহতিয়াই নিলে স্কুটি চালকক।
  • নিমিষতে চূৰ্ণ বিচুৰ্ণ হৈ পৰে স্কুটিখন।
  • থিতাতে নিহত স্কুতি খনৰ চালক গৰাকী।
  • স্কুটি চালক জন আছিল এগৰাকী আৰক্ষী বিষয়া।
  • নিহত আৰক্ষী বিষয়া গৰাকীৰ নাম বিৰিঞ্চি দাস।
  • ঘগ্ৰাপাৰ থানাৰ আৰক্ষী বিষয়া আছিল বিৰিঞ্চি কুমাৰ দাস।
  • এমাহৰ চুটিত আছিল আৰক্ষী বিষয়া গৰাকী।
  • নিয়ন্ত্ৰণ হেৰুৱাই ড্ৰিভাইডাৰৰ মাজত পৰে চুইফট বাহনখন।
  • চুইফট বাহনখনৰ নম্বৰ AS 01AY 9101।
  • ঘটনা স্থলীৰ পৰা পলায়ন কৰে চুইফট বাহন খনৰ চালক
  • জানিব পৰা মতে  ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হবলৈ লওঁতে প্ৰচণ্ড জোৰে খুন্দা মাৰে   
  • নিশা প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ আহিছে উক্তস্থানত
গুৱাহাটী