চিৰাঙৰ কাশিকোত্ৰাত ভয়ংকৰ পথ দুৰ্ঘটনা...

চিৰাং জিলাৰ কাশিকোত্ৰাৰ  ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি বিয়লিৰ ভাগত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দ্ৰুতবেগী ৰন্ধন গেছ কঢ়িয়াই টেঙ্কাৰে মহতিয়াই নিয়ে এখন ট্ৰাক সহ

author-image
Asomiya Pratidin
New Update
ujjdd

ডিজিটেল সংবাদ, চিৰাংঃ   চিৰাং জিলাৰ কাশিকোত্ৰাৰ  ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি বিয়লিৰ ভাগত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দ্ৰুতবেগী ৰন্ধন গেছ কঢ়িয়াই টেঙ্কাৰে মহতিয়াই নিয়ে এখন ট্ৰাক সহ চাৰিখনকৈ সৰু চাৰিচকীয়া বাহন । এই ভয়ংকৰ পথ দুৰ্ঘটনাত ঘটনাস্থলীতে এজন যুৱকৰ কৰুণ মৃত্যু হোৱাৰ বিপৰীতে কেইবাজনো লোক গুৰুতৰ ভাবে আহত হয় ।

Advertisment

নিহত যুৱকজনক বাসুগাঁও চহৰৰ বিশিষ্ট ব্যবসায়ী তথা ঠিকাদাৰ বাণীকান্ত গয়াৰী পুত্ৰ নমিত গয়াৰী (২০) বুলি চিনাক্ত কৰা হৈছে । একেখন ঠাইতে ছখনকৈ বাহন দুৰ্ঘটনাগ্ৰস্থ হোৱাৰ পিছত দুৰ্ঘটনাস্থলীত এক হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । মুহূৰ্তৰ ভিতৰতে ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যানযটৰ সৃষ্টি হয় । যানবাহনৰ যাতায়াত ব্যাহত হৈ পৰে । খবৰ লাভ চিদলী থানাৰ আৰক্ষীয়ে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ প্ৰথমে আহত লোক সকলক উদ্ধাৰ কৰি বিভিন্ন চিকিৎসালয়লৈ প্ৰেৰণ কৰে । তাৰ পিছত চিৰাং জিলা আৰক্ষীৰ এটা বৃহৎ দল দুৰ্ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণত নামি পৰে।

আজিৰ এই শোকাৱহ পথ দুৰ্ঘটনা সন্দৰ্ভত এগৰাকী দুৰ্ঘটনাগ্ৰস্থ বাহনৰ চালকে সদৰি কৰা মতে এডাল প্ৰকাণ্ড আকাৰৰ ফেটি সাপ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰা দেখি বাহন সমূহ ৰখাই দিছিল । সেই সময়তে পূব দিশৰ পৰা  এই এচ ২৫ চি চি ৯৮৬১ পঞ্জীয়নৰ দ্ৰুতবেগী এলপিজি টেঙ্কাৰে এফালৰ পৰা সৰু ডাঙৰ মিলি মুঠ পাঁচখন বাহনক মহতিয়াই দিয়ে। তাৰে  এ এচ ০১ ডি জে ৬৩৫৮ পঞ্জীয়নৰ টয়েটা ইটিএছ বাহনখন ধ্বংসস্তুপত পৰিণত হয় ।

ফলত বাহনখন চলাই থকা বাসুগাঁও চহৰৰ বিশিষ্ট ব্যবসায়ী বাণীকান্ত গয়াৰীৰ পুত্ৰ নমিত গয়াৰী (২০) ঘটনাস্থলীতে মৃত্যুক সাৱতি লয় তাৰ বিপৰীতে ২৭ বছৰীয়া কন্যা ঋতু গয়াৰী গুৰুতৰ ভাবে আহত হয় । পিছত পৰিয়ালৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ সংকটজনক অৱস্থাত ঋতু গয়াৰীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী লৈ যায় ।আনপিনে টেঙ্কাৰৰ খুন্দাত এটা এ এচ ২৬ চি ৭৩০৭ পঞ্জীয়নৰ যাত্ৰীবাহী মেজিক বাহন ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ছিটিকি গৈ দ খাৱৈত পৰি যোৱাত চালক সহ তিনিজন যাত্ৰী কম বেচি পৰিমানে আহত হয় ।

উক্ত পথ দুৰ্ঘটনাত  এ এচ ০২ এ এন ৮৯৯৬ পঞ্জীয়নৰ ছুইফ্ট,  এ এচ ০১ ই ডব্লিউ ৪৮৩৮ ছুইফ্ট বাহনৰ উপৰি ডব্লিউ বি ৫১ চি ১৩৮২ পঞ্জীয়নৰ চা পাত কঢ়িয়াই নিয়া ট্ৰাক এখনৰ যথেষ্ট ক্ষতিসাধন হয় । এই দুৰ্ঘটনাগ্ৰস্থ বাহনত থকা চালক, সহযাত্ৰী সকল আহত হয় । দুৰ্ঘটনা সংঘটিত কৰা টেঙ্কাৰখনৰ চালকজনেও কেবিনত চেপাখাই আবদ্ধ পৰিছিল।  পিছত চিদলী থানাৰ আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত চালকজনক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে কাজলগাঁৱত প্ৰেৰণ কৰে। বাতৰি যুগুত কৰা পৰ্যন্ত এজনৰ মৃত্যু হোৱাৰ বিপৰীতে কিমান জন লোক আহত হৈছে তাৰ প্ৰকৃত তথ্যৰ জানিব পৰা নাই । ইপিনে আজি কাশিকোত্ৰাত শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যু হোৱা বাসুগাঁৱৰ বাণীকান্ত গয়াৰীৰ একমাত্ৰ পুত্ৰ নমিত গয়াৰীৰ মৃত্যুত বাসুগাঁৱত শোঁকৰ ছাঁ নামি পৰিছে ।

চিৰাং