/asomiyapratidin/media/media_files/2025/04/20/kIhNXMKy8xflKWhty5Iu.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ: হোমৰ জুইক সাক্ষী কৰি যুগ্ম জীৱনৰ পাতনি মেলিবলৈ অহা ১১ মে'ৰ দিনটোলৈ আশাৰে বাট চাই আছিল চুমি প্ৰধানে।এইকেইদিন যেন তাৰেই প্ৰস্তুতিত ব্যস্ত আছিল চুমি প্ৰধান।শুভ দিনটোৰ অভ্যৰ্থনা অনুষ্ঠানলৈ অভ্যাগত সকলক নিমন্ত্ৰণ কৰা আৰু বজাৰ-সমাৰ কৰাকে ধৰি বিয়া ভাত খোৱাৰ দৰে বিভিন্ন কাৰ্য্যসূচীত এইকেইদিন ভীষণ ব্যস্ত আছিল চুমি প্ৰধান।
সাংসাৰিক বান্ধোনেৰে বান্ধ খোৱাৰ জীৱনৰ সেই মধুৰতম মূহুৰ্তৰ সাক্ষী হোৱাৰ দিনটোক লৈ যথেষ্ট উৎসাহিত হৈ থকা চুমি প্ৰধানৰ সেই আশাক আজি যেন কাঢ়ি লৈ গ'ল নিষ্ঠুৰ নিয়তিৰ কোপদৃষ্টিয়ে।গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তবৰ্তী ৰাজগড়ৰ পৰা বড়িগাঁও তিনিআলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথৰ চেঙাইগাঁৱৰ সমীপত আজি পুৱা প্ৰায় ৮-৩০ বজাত সংঘটিত হোৱা এক অভিশপ্ত পথ দুৰ্ঘটনাত থিতাতে নিহত হয় চুমি প্ৰধান(২৭)।
জানিব পৰামতে-দেওনাবড়ীৰ টুটুমণি নাথ(২৬) নামৰ বান্ধৱী গৰাকীৰ ঘৰলৈ বিয়া ভাত খোৱাৰ উদ্দেশ্যে যোৱা নিশা থকাকৈ গৈছিল চুমি প্ৰধান।আজি পুৱা টুটুমণি নাথৰ স্কুটিখনেৰে(এএছ ১২ জেদ ৮৯৪৫,Honda Dio) দুয়ো আহি আছিল গহপুৰ অভিমুখে।তেনেতে একে দিশেৰে অহা এখন কলা ৰঙৰ মৃত্যুদূতৰূপী তীব্ৰবেগী স্কুৰপিঅ' গাড়ীয়ে চলন্ত স্কুটী সহ দুয়োকে মহটিয়াই লৈ যায়।
ফলত স্কুটিখনৰ পিছৰ আসনত থকা চুমি প্ৰধানৰ ঘটনাস্থলীতে মৃত্যু হয়।দুৰ্ঘটনাটোত গুৰুতৰ ভাবে আঘাট পোৱা টুটুমণি নাথক প্ৰথমে গহপুৰৰ ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে লখিমপুৰ মেডিকেল কলেজ হস্পিতাললৈ লৈ যোৱা হয়।টুটুমণি নাথৰ বাওঁভৰীৰ দুঠাইত ভঙাৰ লগতে দেহৰ বিভিন্ন ঠাইত গুৰুতৰ ভাবে আঘাটপ্ৰাপ্ত হৈছে।
টুটুমণি নাথ আৰু চুমি প্ৰধান দুয়ো নলে গলে লগা বান্ধৱী।চুমিৰ বিবাহ অনুষ্ঠানৰ প্ৰাৰম্ভিক কাম কাজত যথেষ্ট সহায় কৰি দিছিল টুটুমণিয়ে।আজি দুপৰীয়া দুয়ো গুৱাহাটীলৈ বিয়াৰ বজাৰ কৰিবলৈ যোৱাৰ কথা আছিল।উল্লেখযোগ্য যে-গহপুৰ পৌৰসভাৰ অন্তৰ্গত মধ্য ছত্ৰঙৰ নিবাসী কালু প্ৰধান আৰু হিমা প্ৰধানৰ জীয়ৰী চুমি প্ৰধান আছিল ঘৰখনৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি।ঘৰতে মহিলাৰ কাপোৰ চিলাই ঘৰ চলাই আছিল তেওঁ।চুমিৰ একমাত্ৰ ভগ্নীক বিয়া দিয়াৰ পিছত ঘৰৰ সম্পূৰ্ণ দায়িত্ব মূৰ পাতি ল'বলগীয়া হয় তেওঁ।
কাৰণ তেওঁৰ একমাত্ৰ ভাতৃ বিশেষ ভাবে সক্ষম যুৱক।পিতৃ-মাতৃও তেনেই হুজা গাঁৱলীয়া প্ৰকৃতিৰ।এক কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে জীৱন যুদ্ধ অব্যাহত ৰখা চুমি প্ৰধানৰ অহা ১১ মে'ত জামুগুৰীহাটৰ বিকু প্ৰধান নামৰ এজন যুৱকৰ লগত শুভ বিবাহৰ দিন ধাৰ্য্য হৈছিল।আগন্তুক বিবাহ অনুষ্ঠানক লৈ ঘৰ আৰু পৰিয়ালৰ সকলো লোক ব্যস্ত থকাৰ সময়তে আজি আকস্মিক ভাবে আহে এই দু:সংবাদটো।চুমি প্ৰধানৰ এই আকস্মিক বিয়োগত গভীৰ শোকৰ ছাঁ পৰিছে সমগ্ৰ গহপুৰত।কান্দোনত ভাঙি পৰিছে চুমি প্ৰধানৰ পৰিয়াল তথা আত্মীয় কুটুমে।
চকুলোৰে বাট নেদেখা হৈছে বিকু প্ৰধানেও।চুমি প্ৰধানৰ ঘৰখনৰ পৰা নিগৰি অহা দুখৰ চকুলোৱে যেন তিয়াই পেলাইছে সমগ্ৰ মধ্য ছত্ৰং গাঁও।এই দুখৰ সময়ত দুৰ্ভগীয়া পৰিয়ালটোক সমবেদনা জনোৱাৰ বাহিৰে এতিয়া যেন কোনো উপায় নাই গাঁও বাসীৰ।চুমি প্ৰধানৰ শোকসন্তপ্ত পৰিয়াল বৰ্গৰ কাষত থিয় দিয়া প্ৰতিজন লোক আবেগত হৈ পৰিছে বাকৰুদ্ধ।গহপুৰ আৰক্ষীয়ে নিহত চুমি প্ৰধানৰ নিথৰ দেহ বিহালীত মৰণোত্তৰ পৰীক্ষা কৰাৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰে।দুৰ্ঘটনাটো সংঘটিত কৰি স্কৰপিঅ' গাড়ীখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।স্কুটী খন গহপুৰ আৰক্ষীৰ জিন্মাত আছে।