বাইহাটাত ট্ৰাক আৰু আই- টুৱেন্টি বাহনৰ সংঘৰ্ষ…

বাইহাটাত ট্ৰাক আৰু আই- টুৱেন্টি বাহনৰ সংঘৰ্ষ…

author-image
asomiyapratidin
New Update
বাইহাটাত ট্ৰাক আৰু আই- টুৱেন্টি বাহনৰ সংঘৰ্ষ…

ডিজিটেল সংবাদ, দুমুনিচকীঃ কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত ক্ষুদ্ৰ পলহাত আজি নিশা সংঘটিত এখন ট্ৰাক আৰু আই টুৱেন্টি বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত দুগৰাকী মহিলা সহ মুঠ পাঁচজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত দুজনক জি এম চি এইচলৈ প্ৰেৰণ কৰাৰ লগতে আন তিনিজন লোকক তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Advertisment

ঘটনা সন্দৰ্ভত জানিব পৰা মতে আজি নিশা প্ৰায় ৭ বজাত এ এচ ০১ জে চি ৯৭৬১ নম্বৰৰ গুৱাহাটী অভিমুখী ট্ৰাক এখনৰ সৈতে এ এচ ০১ বি আৰ ৫১৫৩ নম্বৰৰ আই টুৱেন্টি বাহন এখনৰ ক্ষুদ্ৰ পলহাত মুখামুখি সংঘৰ্ষ হয়। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত উক্ত দুৰ্ঘটনাত আই টুৱেন্টিখন পথৰ দাঁতিত থকা এটা সাৱৈত বাগৰি পৰে।

ক্লিক কৰি পঢ়কঃ ওদালগুৰিত বিহুৰ আখৰাৰ শুভাৰম্ভণি…

দুৰ্ঘটনাৰ ফলত আই টুৱেন্টিখনত থকা দুগৰাকী মহিলা সহ মুঠ পাঁচজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। স্থানীয় লোকে সাৱৈত পৰি যোৱ আই টুৱেন্টিখনৰ আটাইকেইজন আৰোহীক উদ্ধাৰ কৰি ১০৮ এম্বুলেন্স যোগে তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

বাইহাটা চাৰিআলি আৰক্ষীয়ে জনোৱা অনুসৰি আঘাতপ্ৰাপ্ত আটাইকেইজন দৰং জিলাৰ মঙলদৈ আৰক্ষী থানাৰ অন্তৰ্গত বেজপাৰা নিবাসী ধ্ৰুৱজ্যোতি কলিতা (২৬) অলিম্পিয়া হাজৰিকা (২২) কৃপাংকৰ কলিতা (২৭) যোতিশ শইকীয়া (২৬) আৰু মঙলদৈ মাজগাঁও নিৱসী নৱনিতা কলিতা (২৪) বুলি জানিব পৰা গৈছে। ইয়াৰে ধ্ৰুৱজ্যোতি কলিতা আৰু অলিম্পীয়া কলিতাক চিকিৎসকে জি এম চি এইচলৈ প্ৰেৰণ কৰে। বাইহাটা চাৰিআলি আৰক্ষীয়ে ট্ৰাক খন জব্দ কৰাৰ লগতে আই টুৱেন্টি বাহন খন উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

assam guwahati road accident