/asomiyapratidin/media/media_files/2025/01/19/4NFjGORU5OnWVG8V2ZcG.jpg)
ডিজিটেল সংবাদ,লামডিংঃ লামডিং-লংকা সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । লংকাৰ পৰা লামডিং অভিমুখে গৈ থকাৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ লামডিং বনাঞ্চলত দুৰ্ঘটনাগ্ৰস্থ হয় এখন বাইক ।
দু্ৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় বাইক চালকজন । দুৰ্ঘটনাগ্ৰস্থ বাইকখনৰ নম্বৰ AS 31 F 4730 । ঘটনাৰ কিছু সময় পিছতেই ঘটনাস্থলীত লামডিং আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্থ বাইক আৰোহী জনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
উল্লেখযোগ্য যে বৰ্তমান পৰ্যন্ত উদ্ধাৰ হোৱা নাই গুৰুতৰভাৱে আহত যুৱকজনৰ পৰিচয় ।