ডিজিটেল সংবাদ,লামডিংঃ লামডিঙত সংঘটিত এক পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী বিদেশী পৰ্যটক । দুৰ্ঘটনাত নিহত বিদেশী পৰ্যটক গৰাকী আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাসিন্দা ।
লামডিং-হাফলং সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনাত মৃত্যুবৰণ কৰে বেৰী থমচন নামৰ মহিলা গৰাকী ।
এখন মালবাহী গাড়ীয়ে দ্ৰুতবেগত আহি বাইক খনত খুন্দিয়াই পলায়ন কৰাৰ ফলতে বাইক আৰোহী বিদেশী পৰ্যটক গৰাকীৰ মৃত্যু হয় ৷ দুৰ্ঘটনাগ্ৰস্থ ৰয়েল এনফিল্ড হিমালয়ান বাইকখনৰ নম্বৰ হ’ল AS 11 N 0804 ।
বাইক আৰোহী বিদেশী পৰ্যটক গৰাকী শিলচৰৰ পৰা লামডিং অভিমুখী আছিল। বিদেশৰ পৰা বাইক চলাই ভাৰত ভ্ৰমণ কৰি আছিল আৰোহী গৰাকী ৷
ঘটনাস্থলীত তাৎক্ষণিকভাৱে উপস্থিত হ্য় লামডিঙৰ লগতে মান্দাৰদিচাৰ আৰক্ষী। বাইক আৰোহী গৰাকীক ততাতৈয়াকৈ লামডিং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত বুলি ঘোষণা কৰে চিকিৎসকে ৷