/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/ed69a647-a1c1-4d01-9efe-3b3c40a11837/accident.jpg)
ডিজিটেল সংবাদ,নগাঁও : মহাষ্টমীৰ দিনা ৰাতিপুৱাই অঘটন নগাঁৱৰ চামগুৰিত ৷ গুৱাহাটীৰ পৰা দুৰ্গা পূজা উপলক্ষে চৰাইদেউলৈ যোৱাৰ পথত ট্ৰাকৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে দুজনকৈ যুৱকে ৷ চামগুৰিৰ ডাউন টাউন ৰিজৰ্টৰ সন্মুখত এখন ট্ৰাকে প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলত পথৰ কাষত চিটিকি পৰে দুই বাইক আৰোহী ৷ এ এছ ০১ ই এফ ৫৪৮৭ নম্বৰৰ মটৰ চাইকেলত থকা দুই আৰোহীৰ নাম হৈছে পাপু গগৈ আৰু বিপুল গগৈ ৷
ট্ৰাকৰ খুন্দাত চিটিকি পৰাৰ ফলত ঘটনাস্থলীতে মৃত্যু হয় দুয়ো যুৱকৰ ৷ দুৰ্ঘটনাটো সংঘটিত কৰি ট্ৰাকখনৰ সৈতে পলায়ন কৰে চালকে ৷ পিছত ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটি উদ্ধাৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷