/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/7efe1dc7-09d6-4b60-a18a-991e117a0247/accident.jpg)
ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত মঙ্গলবাৰে ভয়াবহ পথ দুৰ্ঘটনা । থিতাতে এজনৰ মৃত্যু । বকো থানাৰ অন্তৰ্গত শিংৰা শালনীবাৰীত গুৱাহাটী অভিমুখে গৈ থকা এএচ-০১ / এফ এ- ৭০১৮ নম্বৰ চুইফট এখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা শালগছ এজোপাত খুন্দা মাৰে । ফলত গাড়ীখনত থকা লোক এগৰাকীৰ থিতাতে মৃত্যু । আন এগৰাকী গুৰুতৰ ভাবে আহত হৈছে । দুৰ্ঘটনাত মৃত্যু হোৱা লোকগৰাকীক এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই ।