Advertisment

তুলসীঝোৰাত ডাম্পাৰে মহতিয়ালে বৃদ্ধাক, মৃতদেহ লৈ প্ৰতিবাদ....

চিৰাং জিলাৰ আই নৈৰ হাগ্ৰামা দলঙৰ নিচেই কাষতে এখন শিল-বালি কঢ়িয়াই নিয়া ডাম্পাৰে মহতিয়াই নিয়ে এগৰাকী পথচাৰী বৃদ্ধা মহিলাক৷ ফলত থিতাতে নিহত হয় বৃদ্ধা গৰাকী৷ 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, চিৰাংঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মৃত্যুদূত ৰূপী ডাম্পাৰৰ দৌৰাত্ম্য অব্যাহত আছে৷ শুকুৰবাৰে চিৰাং জিলাৰ আই নৈৰ হাগ্ৰামা দলঙৰ নিচেই কাষতে এখন শিল-বালি কঢ়িয়াই নিয়া ডাম্পাৰে মহতিয়াই নিয়ে এগৰাকী পথচাৰী বৃদ্ধা মহিলাক৷ ফলত থিতাতে নিহত হয় বৃদ্ধা গৰাকী৷ 

Advertisment

নিহত বৃদ্ধা মহিলা গৰাকীক আমগুৰী থানাৰ অন্তৰ্গত তুলসীঝোৰা গাঁৱৰ বুলেছা বেওৱা (৭৫) বুলি চিনাক্ত কৰা হৈছে৷ ইপিনে পথ দুৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰসহ চালক জনে পলায়ন কৰাৰ চেষ্টা কৰে যদিও প্ৰত্যক্ষদৰ্শী ৰাইজে ডাম্পাৰখনৰ পিছে পিছে খেদি যোৱাত সুযোগ বুজি চালকজনে ডাম্পাৰখন পথৰ ওপৰতে এৰি থৈ পলায়ন কৰে৷ 

উক্ত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ স্থানীয় আমছু আৰু এবিএমছুৰ কৰ্মী সকলৰ সৈতে একাংশ উত্তেজিত ৰাইজে চাপাগুৰী -মালিভিটা সংযোগী পথ অৱৰোধ কৰি দিয়ে৷ অৱৰোধকাৰী সকলৰ অভিযোগ চাপাগুৰী -মালিভিটা সংযোগী অসম মালা পথৰ নিৰ্মাণত যিসমূহ ডাম্পাৰ চলাচল কৰে অধিকাংশ ডাম্পাৰ কম বয়সীয়া চালক সকলে চলায়৷ যাৰ কাৰণে এনেধৰণৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ 

অসম মালা নিৰ্মাণকাৰী সংস্থাটোয়ে সকলো জানি বুজি চকু মুদা কুলিৰ ভাও জুৰি থাকে৷ আজি তেওঁলোকৰ গাফিলতিৰ বাবেই এই বৃদ্ধা মহিলা গৰাকীৰ মৃত্যু হৈছে বুলি অভিয়োগ কৰে স্থানীয় ৰাইজে৷ সেয়ে অসম মালা পথ নিৰ্মাণকাৰী সংস্থাৰ পৰা মৃত মহিলা গৰাকীৰ পৰিয়ালক উপযুক্ত আৰ্থিক ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰি মৃতদেহ লৈ পথ অৱৰোধ কৰে৷ 

ইপিনে পথ অৱৰোধ ফলত পথছোৱাৰ যাতায়াত ব্যবস্থা সম্পূৰ্ণ ব্যাহত হৈ পৰে । দুৰ্ঘটনাৰ খবৰ লাভ কৰি প্ৰথমে আমগুৰী থানাৰ পৰা আৰক্ষীৰ লোক আহি উপস্থিত হৈ অৱৰোধ কাৰ্যসূচী উঠাই ল’বলৈ আহ্বান জনায় যদিও অৱৰোধকাৰী সকলে আৰক্ষীৰ আহ্বানক আওকাণ কৰি অৱৰোধ কাৰ্য্যসূচী অব্যাহত ৰাখে।

পিছত বিজনীৰ পৰা দণ্ডাধীশক লগত লৈ মহকুমা আৰক্ষী বিষয়া প্ৰসেনজিত দাস ঘটনাস্থলীত উপস্থিত হৈ পথ অৱৰোধকাৰী সকলৰ সৈতে আলোচনাৰ মাজেৰে শান্তিপূৰ্ণ ভাবে অৱৰোধ কাৰ্যসূচী উঠাই লৱলৈ অনুৰোধ কৰে কিন্তু একাংশ অৱৰোধকাৰীয়ে আলোচনাৰ কৰাৰ বিপৰীতে আকোঁৰগোজ স্থিতি অবলম্বন কৰি ওলোটাই মহকুমা আৰক্ষী বিষয়া প্ৰসেনজিত দাসৰ সৈতে বাকযুদ্ধত লিপ্ত হয়৷ 

প্ৰায় দুই ঘণ্টা সময় পথ অৱৰোধ কৰাৰ অন্তত অৱশেষত আৰক্ষী আৰু দণ্ডাধীশৰ বুজনিত পথ অৱৰোধ উঠাই লোৱাৰ পিছত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে৷  

নিহত পথ দুৰ্ঘটনা