ডিজিটেল সংবাদ, লংকাঃ বৃহস্পতিবাৰে প্ৰায় ১০ বজাত লংকাৰ কাকীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই এজন যুৱকে । মৃত যুৱক জনৰ নাম নচিৰ উদ্দিন (১৯)।
মৃত যুৱকজনৰ ঘৰ কাকীৰ ৭ নং চলচলিত । ঘৰৰ পৰা টঙীয়া বজাৰলৈ A S 31 F7745 নম্বৰৰ পালছাৰ বাইকৰে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত খুন্দা মৰাৰ ফলত যুৱকজনৰ থিতাতে মৃত্যু ঘটে।