/asomiyapratidin/media/media_files/2025/01/16/Fira6zuBjZJIgaPn7ctf.jpg)
ডিজিটেল সংবাদ,খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত ভয়ংকৰ ট্ৰেক্টৰ দুৰ্ঘটনা সংঘটিত হয় । নিশা আৰনাম-টেপলঙৰ কিলিং গাঁৱত সংঘটিত হয় এই ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই কপিলী নৈৰ পাৰত ট্ৰেক্টৰ বাগৰি থিতাতে নিহত হয় চালক। নম্বৰ প্লেটবিহীন ট্ৰেক্টৰখনেৰে কাঠ কঢ়িয়াই থকা সময়তে সংঘটিত হয় দুৰ্ঘটনাটো।
ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । তদন্তত চালকজন ৰিকাংমীহম গাঁৱৰ জেমচন ইংলেঙ বুলি চিনাক্ত কৰে পৰিয়ালৰ লগতে খেৰণি আৰক্ষীয়ে।