/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/dc00169f-e07d-42d3-ae55-9cee7c56f0b8/KAZIRONGA_08.jpg)
KAZIRONGA REPRESENTATIVE PHOTO
ডিজিটেল ডেস্কঃ এটা আহত গঁড়ৰ সন্ধানত নামি পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাকৰ্মীসকল। জানিব পৰা মতে এখন দ্ৰুতবেগী ট্ৰাকে খুন্দিয়াই আহত কৰিছিল এই গঁড়টোক।
এখন দ্ৰুত বেগী ট্ৰাকে কাজিৰঙাৰ পৰা ওলাই অহা গঁড়টোক খুন্দিয়াই আহত কৰে। গঁড়টোক খুন্দিয়াই আহত কৰা দ্ৰুতবেগী ট্ৰাকখনে মনা নাছিল কোনো যানবাহন নীতি নিয়ম।
এই ঘটনা সংঘটিত হৈছে হালধিবাৰী এনিমেল কৰিড'ৰত। যোৰহাট দিশৰ পৰা কলিয়াবৰ অভিমুখে আহি থকা ট্ৰাকখনে গঁডটোক খুন্দিয়াই আহত কৰাৰ পিছতে সেই স্থানৰ পৰা পলায়ন কৰে। অৱশ্যে বাগৰি আৰক্ষীয়ে এই ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হৈছে।
ট্ৰাকখন জব্দ কৰাৰ পিছতে বন বিভাগে নিয়ম উলংঘা কৰাৰ বাবে ৫ হাজাৰ, গোলাঘাট জিলা পৰিবহণ বিভাগে ৪ হাজাৰ টকাৰ জৰিমণা বিহিছে। এই দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ WB 91 6749 ।