/asomiyapratidin/media/media_files/2025/02/06/8EqzUAzga6ESGxp25VFn.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ চকীঘাটৰ ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । তীব্ৰবেগী ডাষ্টাৰ বাহনে আজি আবেলি প্ৰায় ৪ মান বজাত মহতিয়াই নিয়ে বাইক আৰোহীক ।
উল্লেখযোগ্য যে উক্ত দুৰ্ঘটনাত বাইক আৰোহী চাইদুল ইছলাম গুৰুতৰভাৱে আহত হয় । দুৰ্ঘটনাৰ পিছতে বাইক আৰোহীজনক সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।
দুৰ্ঘটনা সংঘটিত কৰা চাৰিচকীয়া বাহনখনৰ নম্বৰ AS-01-DF-5716 । গুৱাহাটীৰ পৰা লক্ষীমপুৰ অভিমুখী আছিল দুৰ্ঘটনা সংঘটিত কৰা ডাষ্টাৰ বাহনখন ৷