/asomiyapratidin/media/media_files/2025/03/14/wYI06XeYyNJWhTGxUNFy.jpg)
ভয়ংকৰ পথ দুর্ঘটনা
ডিজিটেল সংবাদ,চৰাইদেউঃ ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দ-উল্লাসৰ মাজতে শুকুৰবাৰে বিয়লি চৰাইদেউ জিলাৰ মথুৰাপুৰত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত এটি ১৬ বছৰীয়া কিশোৰে মৃত্যুক আঁকোৱালি লয়। এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলত৷ দুৰ্ঘটনা পতিত হৈ মৃত্যু হোৱা কিশোৰটি নাম শিৱা উড়িয়া৷ জানিব পৰা বিয়লি প্ৰায় ৩ বজাত মথুৰাপুৰ তিনিআলিত AP 3 1 TG 1224 নম্বৰৰ এখন তীব্ৰ বেগী মালবাহী ট্ৰাকে চাইকেল আৰোহী এটি কিশোৰক খুন্দিয়াই গুৰুতৰভাৱে জখম কৰে। পিছত ঘটনাস্থলিত মথুৰাপুৰ আৰক্ষী থানা উপস্থিত হৈ ততাতৈয়াকৈ অতি সংকটজনক অৱস্থাত সোণাৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও কিশোৰটি মৃত্যু হয়৷ ইফালে ঘটনা সংঘটিত কৰা ট্ৰাক খন আৰু চালকজনক বৰ্তমান মথুৰাপুৰ আৰক্ষীয়ে আটক কৰিছে ৷