খেহেনীপাৰাত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত এজন

বাইহাটা চাৰিআলি অভিমুখী ডাম্পাৰে মহতিয়ালে একেটা দিশেৰে গৈ থকা AS01BL8362 নম্বৰৰ পালছাৰ বাইকক । একে দিশৰে পৰা অহা বাইক খনে ডাম্পাৰক অতিক্ৰম কৰোতে পিছফালৰ পৰা ডাম্পাৰে প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় বাইক চালক জন ।

author-image
Asomiya Pratidin
New Update
যোৰাবাটত গ্ৰেপ্তাৰ হ'ল জি পি এছ এছৰ সম্পাদক...

ডিজিটেল সংবাদ, বাইহাটা চাৰিআলিঃ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেজেৰাৰ সমীপৱৰ্তী খেহেনীপাৰাত এটি ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । উক্ত দুৰ্ঘটনাত ঘটনাস্থলীত থিতাতে নিহত হয় এজন যুৱক ।

বাইহাটা চাৰিআলি অভিমুখী ডাম্পাৰে মহতিয়ালে একেটা দিশেৰে গৈ থকা AS01BL8362নম্বৰৰ পালছাৰ বাইকক । একে দিশৰে পৰা অহা বাইক খনে ডাম্পাৰক অতিক্ৰম কৰোতে পিছফালৰ পৰা ডাম্পাৰে প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় বাইক চালক জন ।

মৃত যুৱক জন চাংসাৰিৰ নিৰেন লহকৰ বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে ডাম্পাৰসহ চালকে ।

পথ দুৰ্ঘটনা বাইহাটা চাৰিআলি