নগাঁৱৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ কনিষ্ট মহাবিদ্যালয়ত শৈক্ষিক সভা....

মঙলবাৰে নগাঁও এচ আৰ কে কলেজত শিক্ষাবিদ প্ৰদীপ কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয় এক আড়ম্বৰপূৰ্ণ শৈক্ষিক সভা। সভাত দশম শ্ৰেণীৰ শিক্ষাৰ্থীক আগন্তুক ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া মেট্ৰিক পৰীক্ষাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰা হয় । 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, বেবেজীয়াঃ মঙলবাৰে নগাঁও এচ আৰ কে কলেজত শিক্ষাবিদ প্ৰদীপ কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয় এক আড়ম্বৰপূৰ্ণ শৈক্ষিক সভা। সভাত দশম শ্ৰেণীৰ শিক্ষাৰ্থীক আগন্তুক ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া মেট্ৰিক পৰীক্ষাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰা হয় । 

পৰীক্ষাৰ প্ৰস্তুতি সম্পৰ্কে সভাত উপস্থিত থকা নিতুমণি শইকীয়া,হবিবুৰ ৰহমান,হাদী হাজৰিকা, অতুল বৰা,জাকিৰ হুছেইন, সাংবাদিক দেৱজিৎ হাজৰিকা, প্ৰাঞ্জল শইকীয়া,বলবিন্দৰ সিং, সমাজসেৱী মহিলা কল্পনা বৰা আৰু নগাঁও মাৰ্কাজ একাডেমীৰ অধ্যক্ষ মোস্তাফা কামালে তত্ত্ব গধূৰ ভাষণ প্ৰদান কৰে। 

এচ আৰ কে কলেজৰ অধ্যক্ষ জাকিৰ হুছেইন ভুঞাই আঁত ধৰা সভাত মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে নিজৰ প্ৰস্তুতি আৰু প্ৰতিভা সম্পৰ্কে চমু ভাষণ আগবঢ়াই সকলোকে আপ্লুত কৰে ।

বেবেজীয়া