ৰঙিয়া মানবেন্দ্ৰ ছোৱালী মহাবিদ্যালয়ত এ বি ভি পিৰ বিহু কৰ্মশালা

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ এবিভিপিৰ ৰঙিয়া নগৰ শাখাৰ উদ্যোগত শনিবাৰৰ পৰা বিহু কৰ্মশালাৰ অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
ৰঙিয়া মানবেন্দ্ৰ ছোৱালী মহাবিদ্যালয়ত এ বি ভি পিৰ বিহু কৰ্মশালা

ডিজিটেল সংবাদ, ৰঙিয়া : অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ এবিভিপিৰ ৰঙিয়া নগৰ শাখাৰ উদ্যোগত শনিবাৰৰ পৰা বিহু কৰ্মশালাৰ অনুষ্ঠিত হয়। ৰঙিয়াৰ মানবেন্দ্ৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰাংগনত ৫,৬ আৰু ৭ এপ্ৰিললৈ অনুষ্ঠিত হ'বলগীয়া কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে জ্যেষ্ঠ বিহুৱা বিজয় ভৰালী। 

উল্লেখ্য যে আজিৰ কৰ্মশালাত আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে অধ্যক্ষা প্ৰসন্না দাস বৈশ্যই। তাৰপিছতে মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে মহাবিদ্যালয়ৰ গীত পৰিৱেশন কৰে।

workshop

আনহাতে আমন্ত্ৰিত অতিথি হিচাপে ড° বিচিত্ৰ কলিতা, জ্যেষ্ঠ সাংবাদিক নয়নজ্যোতি তালুকদাৰৰ লগতে সমাজকৰ্মী অচ্যুত কলিতাই বিহু কৰ্মশালাৰ পৰিৱেশ উপভোগ কৰে। আজিৰ কৰ্মশালাত প্ৰায় ৩০০ৰো অধিকলোকে অংশ লয়। 

ইফালে ৭ এপ্ৰিলৰ দিনাখনেই বিহু কৰ্মশালাৰ প্ৰদৰ্শন আৰু নিশালৈ স্থানীয় শিল্পীৰ সংগীত পৰিবেশনেৰে সামৰণি পৰিব।

rangia