দুধনৈ ধৰ্ষণ-হত্যাকাণ্ডক লৈ কোকৰাঝাৰত এবছুৰ প্ৰতিবাদ...

দুধনৈ ধৰ্ষণ-হত্যাকাণ্ডক লৈ কোকৰাঝাৰত এবছুৰ প্ৰতিবাদ...

author-image
Asomiya Pratidin
New Update
দুধনৈ ধৰ্ষণ-হত্যাকাণ্ডক লৈ কোকৰাঝাৰত এবছুৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ গোৱালপাৰা জিলাৰ দুধনৈত যোৱা ৩ মে'ত সংঘটিত হোৱা ধৰ্ষণ আৰু পৰবৰ্তী পৰ্যায়ত নিৰ্যাতিতাৰ ভাতৃক হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত সোমবাৰে এবছুৱে ন্যায়ৰ দাবীত কোকৰাঝাৰ চহৰত পুনৰাই প্ৰতিবাদ সাৱস্থ্য কৰে। কোকৰাঝাৰ চহৰৰ টেঙাপাৰাস্থিত এবছুৰ আঞ্চলিক কাৰ্যালয় মাইবং হাউছত প্ৰথমে জোঁৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

Advertisment

ইয়াৰ পাছতেই এবছুৰ উপ- সভাপতি খৌৰৌমদাও ওৱাৰীৰ নেতৃত্বত কোকৰাঝাৰ সদৰ চহৰৰ বডোফা শিশু উদ্যানৰ পৰা এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে। বিশাল সমদলত এবছুৰ সহস্ৰাধিক সদস্যই হাতে হাতে প্লেকাৰ্ড লৈ আমাক ন্যায় লাগিবই, ধৰ্ষণকাৰীক ফাঁচী দিয়ক, অসম চৰকাৰ হায় হায় আদি ইত্যাদি শ্ল'গানেৰে সদৰ চহৰৰ ৰাজপথ উত্তাল কৰি তোলে৷ পিছত সমদলকাৰীসকলে জে ডি পথেৰে কোকৰাঝাৰ সদৰ চহৰৰ পৰিভ্ৰমণ কৰি কোকৰাঝাৰ উচ্চতৰ আৰু বহুমুখী বিদ্যালয় খেলপথাৰত প্ৰতিবাদী সমদলৰ সামৰণি পেলায় ৷

প্ৰতিবাদী সমদলৰ সামৰণিৰ অন্তত এবছুৱে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে ৷ এবছুৰ উপ সভাপতি খৌৰৌমদাও ওৱাৰীয়ে সংবাদমাধ্যমৰ আগত মূল অভিযুক্ত ধন আলি তালুকদাৰ , বাহাৰ আলি , ৰহমান আলি সহিতে আন দোষীসকলক ফাঁচি প্ৰদান, সমগ্ৰ ঘটনাটো ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰা, দুৰ্ষ্কৃতিকাৰীৰ আক্ৰমণত নিহত হোৱা হিৰন্ময় খাখলাৰীৰ নিকটাত্মীয়লৈ ২০ লাখ টকাৰ ক্ষতিপুৰণ আৰু ধৰ্ষিতালৈ ৫ লাখ টকাৰ এককালিন সাহাৰ্যৰ দাবী উত্থাপন কৰিছে আৰু একেখিনি দাবী স্মাৰকপত্ৰত উল্লেখ কৰা বুলি সদৰি কৰে ।

আনহাতে এবছুৰ উপ সভাপতি খৌৰৌমদাও ওৱাৰীয়ে ওদালগুৰিৰ মাজবাট ঘটনাৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যত ধৰ্ষণ, হত্যা, চুৰি-ডকাইত আদি ঘটনা সংঘটিত হৈ থকাত গভীৰ উদ্বেগ প্ৰকাশ কৰি নাৰীজনিত গোচৰসমুহ ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি দোষীক দৃষ্টান্তমূলক শাস্তি দিবলৈ আহ্বান জনাইছে ।

উল্লেখ্য যে যোৱা ৩মে'ত দুধনৈ ধৰ্ষণ কাণ্ড সংঘটিত হৈছিল আৰু ৫মে'ত ঘটনাৰ প্ৰতিবাদ কৰিবলৈ যাওঁতে দুৰ্ষ্কৃতিকাৰীৰ প্ৰহাৰত নিৰ্যাতিতাৰ ভাতৃ হিৰন্ময় খাখলাৰী গুৰুতৰভাৱে আহত হৈ পিছত ১৬ মে'ত চিকিৎসাধীন অৱস্থাত কৰুণ মৃত্যুক সাৱটি লৈছিল ।

Also Read: কলিয়াবৰত কবি সন্মিলন তথা নেপালী গ্ৰন্থ উন্মোচন...

Dudhnoi kokrajhar ABSU