/asomiyapratidin/media/media_files/2025/07/18/bnbnbnbn-2025-07-18-22-36-48.jpg)
ডিজিটেল সংবাদ, ওদালগুৰিঃ শুকুৰবাৰে ওদালগুৰিত নিখিল বড়ো ছাত্ৰ সন্থাই সম্বোধন কৰে এখন সংবাদমেল। এই সংবাদমেলত উচ্ছেদৰ প্ৰসংগত সৰৱ হয় সংগঠনটো। শোণিতপুৰ জিলাৰ নদুৱাৰত জনগোষ্ঠীয় লোকক উচ্ছেদৰ জাননী প্ৰেৰণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সংগঠনটোৰ সভাপতি দ্বিপেন বড়োৱে।
সংবাদমেলত দ্বিপেন বড়োৱে সদৰি কৰে যে, "উচ্ছেদৰ নামত খিলঞ্জীয়া ভূমিপুত্ৰক হাৰাশাস্তি সহ্য নকৰে এবছুৱে। লগতে চৰকাৰী ভূমি অখিলঞ্জীয়াই দখল কৰাটো নিবিচাৰে সংগঠনটোৱে।" ইফালে আইন অনুসৰি উচ্ছেদ চলাই থকা ৰাজ্য চৰকাৰ খনক ধন্যবাদ জনাই এবছুৱে।