/asomiyapratidin/media/media_files/2025/06/30/kajol-gaon-30-2025-06-30-19-51-29.jpg)
ডিজিটেল সংবাদ, চিৰাং: চিৰাং জিলাৰ কাজলগাঁৱত এবছুৰ উদ্যোগত আৰু আৰ'নাই ফাউণ্ডেশ্যনৰ সহযোগত আজিৰ পৰা ১৫ দিনীয়া গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালাৰ শুভাৰম্ভ কৰা হয়। এবছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে বড়োসকলৰ জাতীয় তথা পৰম্পৰাগত কলা, সংস্কৃতি, নৃত্য-গীত আৰু বাদ্যযন্ত্ৰক অদূৰ ভবিষ্যতলৈ সুৰক্ষিত কৰাৰ লক্ষ্যৰে নতুন প্ৰজন্মক ইয়াৰ প্ৰতি আকৰ্ষিত কৰিবলৈ এই গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালাৰ আয়োজন কৰা হয়।
চিৰাং জিলাৰ কাজলগাঁও আঞ্চলিক এবছুৰ উদ্যোগত আয়োজিত এই ১৫ দিনীয়া গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালাৰ আৰম্ভণিৰ দিনতে শতাধিক নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। ১৫ দিনীয়া এই সাংস্কৃতিক কৰ্মশালাত খ্যাতনামা বড়ো নৃত্যৰ প্ৰশিক্ষক বিনয় ব্ৰহ্মৰ তত্ত্বাৱধানত নতুন প্ৰজন্মৰ প্ৰশিক্ষাৰ্থী ছাত্ৰ-ছাত্ৰীসকলক বড়োসকলৰ পৰম্পৰাগত নৃত্য-গীতৰ প্ৰশিক্ষণ দিয়াৰ উপৰি বড়োসকলৰ থলুৱা বাদ্য যন্ত্ৰ ক্ৰমে খাম, ছিফুং, ছেৰজা আদি বজোৱাৰ প্ৰশিক্ষণ দিয়া হ’ব।
আজিৰ এই গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালাৰ আৰম্ভ হোৱাৰ আগতে প্ৰশিক্ষাৰ্থী ছাত্ৰ-ছাত্ৰীসকলক লৈ এখনি বিশেষ সভা অনুষ্ঠিত হয়। সভাত এবছুৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক সুশীল বসুমতাৰী, চিৰাং জিলা হাৰিমু আফাদৰ নেতৃবৰ্গসকল উপস্থিত থাকে। আজিৰ এই কৰ্মশালা সন্দৰ্ভত এবছুৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক সুশীল বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, আমাৰ নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰী তথা যুৱক যুৱতীসকলেই নিজৰ জাতীয় কলা সংস্কৃতি, নৃত্য-গীত ভৱিষ্যতলৈ জীয়াই ৰাখিবলৈ বাহক হিচাপে কাম কৰি যাব লাগিব আৰু সেই লক্ষ্যৰেই আমি এই কৰ্মশালাৰ আয়োজন কৰিছো।
এই কৰ্মশালাত প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আগবাঢ়ি অহা সকলকো ধন্যবাদ জ্ঞাপন আৰু ১৫ দিনীয়া কৰ্মশালাত খুব মনোযোগ সহকাৰে প্ৰশিক্ষণ ল’বলৈ আহ্বান জনায়। এক সুশৃংখল ব্যৱস্থাৰ মাজেৰে এই সাংস্কৃতিক কৰ্মশালাৰ আয়োজন কৰা কাজলগাঁও আঞ্চলিক এবছুৰ কৰ্মকৰ্তাসকলৰ শলাগ লয় ছাত্ৰ নেতাগৰাকীয়ে।