BTR চুক্তিৰ পাঁচ বছৰ উপলক্ষে দিল্লীত বৈঠকঃ কাৰাৰুদ্ধ ৰঞ্জন দৈমাৰীসহ NDFB ৰ নেতাক মুকলি কৰাৰ দাবী

এন ডি এফ বিৰ নেতা ৰঞ্জন দৈমাৰীকে ধৰি বৰ্তমানেও কাৰাগাৰত থকা ৬ গৰাকী নেতাক শীঘ্ৰেই মুকলি কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে চলি থকা সকলো গোচৰ প্ৰত্যাহাৰৰ কৰাৰ দাবী।

author-image
Asomiya Pratidin
New Update
BTR চুক্তিৰ পাঁচ বছৰ উপলক্ষে দিল্লীত বৈঠকঃ কাৰাৰুদ্ধ ৰঞ্জন দৈমাৰীসহ NDFB ৰ নেতাক মুকলি কৰাৰ দাবী

ডিজিটে ডেস্কঃ এন ডি এফ বিৰ নেতা ৰঞ্জন দৈমাৰীকে ধৰি বৰ্তমানেও কাৰাগাৰত থকা ৬ গৰাকী নেতাক শীঘ্ৰেই মুকলি কৰাৰ লগতে এন ডি এফ বিৰ নেতা, সদস্যসকলৰ বিৰুদ্ধে চলি থকা সকলো গোচৰ প্ৰত্যাহাৰৰ কৰাৰ দাবী উত্থাপন কৰিছে নিখিল বড়ো ছাত্ৰ সন্থাই। উল্লেখ্য যে, আজি নতুন দিল্লীত গৃহমন্ত্ৰণালয়ৰ সৈতে বি টি আৰ চুক্তিৰ এক পৰ্যালোচনামূলক বৈঠক অনুষ্ঠিত হৈ যায়।

Advertisment

এই বৈঠকত অসম চৰকাৰ আৰু বি টি আৰ চুক্তিত স্বাক্ষৰকাৰী ক্ৰমে নিখিল বড়ো ছাত্ৰ সন্থা, প্ৰাক্তন এন ডি এফ বি আৰু ইউ পি বি পিৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। দিল্লীৰ নৰ্থ ব্লকত থকা ১১৮ নং কোঠাত অনুষ্ঠিত হোৱা এই আলোচনাত পাঁচ বছৰ অতিক্ৰম কৰাৰ পিছতো চুক্তিৰ যিসমূহ বিষয় কাৰ্যকৰী হোৱা নাই সেই বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয়। বৈঠকত চুক্তিৰ দফাসমূহ শীঘ্ৰে কাৰ্যকৰীকৰণৰ ওপৰত গুৰুত্বপ্ৰদান কৰা হয়। এই আলোচনাত মুখ্যতঃ বি টি আৰ চুক্তিৰ দফা নং ৩.১, ৪.৩, ৫.১, ৫.৩, ৬.১,৬.৩, ৮.৪, ৯.২, ৯.৪ আৰু ১০.২ এ বিশেষভাৱে স্থান লাভ কৰে।বৈঠকতে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োৱে এন ডি এফ বিৰ কাৰাৰুদ্ধ নেতা ৰঞ্জন দৈমাৰীৰ লগতে আন ৫ গৰাকী নেতাৰ বিৰুদ্ধে থকা সকলো গোচৰ উঠাই লৈ শীঘ্ৰেই মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰে।

তাৰোপৰি তেওঁ চুক্তি অনুসৰিয়েই উপেন্দ্রনাথ ব্ৰহ্ম বিশ্ববিদ্যালয়, নেৰিম, আই. আই. টি আদি শীঘ্ৰেই স্থাপন কৰিবলৈ আহ্বান জনায়। বৈঠকত কাৰ্বি আংলং জিলাত বাস কৰা বড়ো জনগোষ্ঠীয় লোকসকলক পাহাৰীয়া জনজাতিৰ মৰ্যাদা দিয়াৰো দাবী জনায়।

এই বৈঠকত গৃহ মন্ত্রালয়ৰ উত্তৰ পূৰ্বাঞ্চলৰ যুটীয়া সচিব নীৰজ কুমাৰ, অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথ, বি. টি. আৰৰ প্রধান সচিব আকাশ দ্বীপৰ উপৰিও নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়ো, উফ-সভাপতি খোৰোমদাও ৱাৰী, উমেশ দৈমাৰী, সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী, সহকাৰী সাধাৰণ সম্পাদক দীনেশ ব্ৰহ্ম আৰু অধ্যক্ষ অবিত নাৰ্জাৰীয়ে অংশগ্ৰহণ কৰে। প্ৰাক্তন এন ডি এফ বি ৱেলফেয়াৰ এছোচিয়েছনৰ হৈ বৈঠকত অংশগ্ৰহণ কৰে দানসোৰাং নাৰ্জাৰী, বিলিৰথি ৱাৰী, ইউ বি পি অৰ সাধাৰণ সম্পাদক পিতাম্বৰ ব্ৰহ্ম, সহকাৰী সাধাৰণ সম্পাদক সনি বড়োৱেও অংশগ্ৰহণ কৰে।

ইফালে বৈঠকৰ পিছত এবছুৰ সভাপতি দ্বীপেন বড়োৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি যদিহে ২০২৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে বি টি আৰ চুক্তিৰ দফাসমূহ কাৰ্যাকৰী নকৰে তেন্তে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ বাধ্য হব বুলিও হুংকাৰ দিয়ে।

 

এবছু গৃহ মন্ত্ৰণালয় বি টি আৰ চুক্তি