/asomiyapratidin/media/media_files/2025/02/15/WHUhT6F96MMPJtPiJA80.jpg)
ডিজিটেল সংবাদ,কোকৰাঝাৰঃ উত্তৰ-পূৱ ভাৰতৰ অন্যতম শক্তিশালী জনগোষ্ঠীয় ছাত্ৰ সংগঠন নিখিল বড়ো ছাত্ৰ সন্থাই আজি ছাত্ৰ সংগঠনটোৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে ৷ বিভিন্ন সময়ত সংঘটিত হোৱা ৰক্তক্ষয়ী সংঘাত,গোষ্ঠী দন্দ,ভাতৃঘাতী সংঘৰ্ষ,নানা ঘাত-প্ৰতিঘাত আৰু প্ৰতিকূল পৰিস্থিতিৰ মাজেৰে বড়ো জনগোষ্ঠীক সু-শৃংঙ্খলাৱদ্ধ সভ্য জাতি হিচাপে প্ৰতিষ্ঠা কৰা সংগ্ৰামৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখা এবছুৱে সুদীৰ্ঘ ৫৮ টা বছৰৰ যাত্ৰা অতিক্ৰম কৰিলে ৷
বড়ো জনগোষ্ঠীক বৃহৎ জনগোষ্ঠী হিচাপে ভাষা-সাহিত্য,আত্ম-পৰিচয়,ৰাজনৈতিক,আৰ্থ-সামাজিক, শৈক্ষিক দিশেৰে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ১৯৬৭ চনৰ ১৫ ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ দিনটোতে অবিভক্ত গোৱালপাৰা জিলাৰ কোকৰাঝাৰ চহৰস্থিত জনজাতি জিৰণি চ’ৰাত প্ৰয়াত বাণেশ্বৰ বসুমতাৰী আৰু কনকেশ্বৰ নাৰ্জাৰীৰ নেতৃত্বত গজালি মেলিছিল নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু নামৰ শক্তিশালী জনগোষ্ঠীয় ছাত্ৰ সংগঠনটোৰ৷
বাণেশ্বৰ বসুমতাৰী,বডোফা উপেন্দ্ৰ ব্ৰহ্মৰ পৰা আৰম্ভ কৰি দ্বীপেন বড়োলৈ বহু উত্থান-পতনৰ পথ অতিক্ৰম কৰা এবছুৰ আছে এক বৰ্ণিল সংগ্ৰামৰ ইতিহাস ৷ সেয়েহে আজিৰ এই বিশেষ দিনটোত এবছুই কোকৰাঝাৰৰ মাজমজিয়াৰ জেডিৰোডস্থিত ইউএন একাডেমী বিদ্যালয় প্ৰাংগনত দিনযোৰা নানাৰঙী কাৰ্য্যসূচীৰে এবছুৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে ৷
এবছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদৰ খনীন্দ্ৰ বসুমতাৰীয়ে আঁত ধৰা তথা কেন্দ্ৰীয় উপ-সভাপতি খৌৰৌমদাউ ৱাৰী, কোকৰাঝাৰ জিলা এবছুৰ সভাপতি কৃপেশ দৈমাৰী,সাধাৰণ সম্পাদক খাম্ফা বসুমতাৰীয়ে সহযোগিতা কৰা এবছুৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচী অনুসৰি পুৱাৰ প্ৰাৰ্থনাৰে শুভাৰম্ভ কৰা হয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচী ৷
ইয়াৰ পিচতে এবছুৰ পতাকা উত্তোলন কৰে এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৱে ৷ বডোফাৰ প্ৰতিচ্ছবিত পোন প্ৰথমে পুস্পাঞ্জলি অৰ্পণ কৰে কোকৰাঝাৰ ইউএন একাডেমীৰ সঞ্চালক কৃষ্ণ গোপাল বসুমতাৰীয়ে ৷ বড়োলেণ্ড আন্দোলনৰ ছহিদ সকললৈ সৰ্বপ্ৰথমে শ্ৰদ্বাঞ্জলি জ্ঞাপন কৰে কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয় (বৰ্তমান কোকৰাঝাৰ বিশ্ববিদ্যালয়)ৰ অধ্যক্ষ ড°ডিমাছা দৈব্ৰাং মুছাহাৰীয়ে ৷
শান্তিৰ প্ৰতীক বগা পাৰ চৰাই আৰু সুনীল আকাশলৈ একেলগে বেলুন উৰুৱাই ক্ৰমে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ইন্দিৰা বড়ো,কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰৱক্তা গোবিন্দ বড়ো,এবছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক,শিক্ষা সম্পাদক তথা বৰ্তমান কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ প্ৰৱক্তা ক্ৰমে ড°গৌতম মুছাহাৰী,ড°কমল বডোছা,কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° আদাৰাম বসুমতাৰী আদিয়ে ৷
আনহাতেদি এবছুৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ স'তে সংগতি ৰাখি দুপৰীয়া এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৰ অধ্যক্ষতাত আৰু সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰীৰ পৰিচালনাত “এবছু আৰু বড়ো জাতি নিৰ্মাণৰ লক্ষ্য“ শীৰ্ষক এক মুকলি আলোচনা সভা অনুষ্ঠিত হয়৷ উক্ত আলোচনা সভাখন উদ্বোধন কৰে ৰাজ্যসভাৰ সাংসদ ৰৌণগৌড়া নাৰ্জাৰীয়ে৷
বড়ো সাহিত্য সভাৰ সভাপতি ড°সূৰথ নাৰ্জাৰীয়ে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰা উক্ত আলোচনা সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি নাগালেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° সমুদ্ৰ গুপ্ত কাশ্যপে এবছুৰ দীঘলীয়া সংগ্ৰাম আৰু বড়ো জনগোষ্ঠীৰ আত্ম-প্ৰতিষ্ঠাৰ সংগ্ৰামৰ ওপৰত এগৰাকী সাংবাদিক, সমাজ কৰ্মী হিচাপে যিখিনি প্ৰত্যক্ষ কৰি বাস্তৱ অভিজ্ঞতা লাভ কৰিছে তাৰ ওপৰত চমু অথচ এক সুন্দৰ সাৰুৱা বক্তব্য দাঙি ধৰে ৷
একেখন আলোচনা সভাতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী,বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° সুবুং বসুমতাৰী,সন্মানীয় অতিথিৰূপে আছুৰ কেন্দ্ৰীয় উপ-সভাপতি নৱজ্যোতি ৰায়, কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° আৰএন সিহ্না, চিআইটিৰ সহযোগী প্ৰৱক্তা জেডি হেৰেম্বেশ্বৰ বসুমতাৰী আদি বিশিষ্ট অতিথিয়ে অংশ গ্ৰহণ কৰে ৷ ইপিনে প্ৰতিষ্ঠা দিৱসৰ দিনটোত এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৱে যিসকলে বড়ো জনগোষ্ঠী আৰু এবছুক আজিৰ পৰ্যায়ত উপনীত হোৱাত আৰু নিজৰ বহুমূলীয়া জীৱন দান দি অৰিহণা যোগাই গ’ল সেই সকলৰ ত্যাগ আৰু অৰিহণাক শ্ৰদ্বাৰে সুঁৱৰি শ্ৰদ্ধা নিবেদন কৰে৷
এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৱে কয় যে, ১৭ ফেব্ৰুৱাৰীত কোকৰাঝাৰত অনুষ্ঠিত হবলগীয়া অসম বিধানসভাৰ অধিবেশনখনত ষষ্ঠ অনুসূচীভুক্ত বিটিআৰক অধিক ক্ষমতাশালী কৰাৰ ব্যৱস্থাৱলীৰ এক সমাধানসূত্ৰ ওলাব ৷ বিশেষকৈ অধিক প্ৰশাসনীয় ক্ষমতা প্ৰদান,বিটিআৰলৈ পোনপটীয়াকৈ পৰ্য্যাপ্ত পৰিমাণৰ পুজিঁ আৱন্টনৰ পথ প্ৰশস্ত হব৷
এই বিষয়ক লৈ যাতে কোনোবাই কাৰোবাৰ ভাগৰখিনিক চানমাৰি নিয়া বুলি টনাটনি,ভুল বুজাবুজিৰ সৃষ্টি নহয় তালৈকো দৃষ্টি ৰাখিব লাগিব৷ এনেবোৰ সমস্যাৰ সমাধান সূত্ৰ ওলালেহে বিটিআৰবাসী ৰাইজ আশ্বস্ত হোৱাৰ লগতে কোকৰাঝাৰত অনুষ্ঠিত হোৱা অসম বিধানসভাৰ অধিবেশন সাৰ্থক হব বুলি আশা প্ৰকাশ কৰে৷
উল্লেখ্য প্ৰতিষ্ঠা দিৱসৰ সতে সংগতি ৰাখি এবছুৰ পতাকা উত্তোলন,বড়োফাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণ,বাণেশ্বৰ বসুমতাৰী,কনকেশ্বৰ নাৰ্জাৰীৰ প্ৰতিচ্ছিবিত পুষ্পাষ্পালি অৰ্পণৰ উপৰিও শান্তিৰ প্ৰতীক বগা পাৰ চৰাই আৰু বেলুন আদি উৰুৱা হয় ৷এবছুৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীত বড়োলেণ্ড বিশ্ববিদ্যালয়,কোকৰাঝাৰ বিশ্ববিদ্যালয়,চিআইটি,বিবি অভিযান্ত্ৰিক মহাবিদ্যালয়,কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়,বাণিজ্য মহাবিদ্যালয়,ইউএন একাডেমী আদি বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ পৰা অহা ছাত্ৰ-ছাত্ৰী সকলে অংশ গ্ৰহণ কৰে